
ডিজিটেল সংবাদ, বটদ্ৰৱা: অসমীয়া জাতিৰ জনক জগত গুৰু শ্রীমন্ত শংকৰ দেৱে আজিৰ পৰা প্রায় পাঁচশ বছৰ আগতে 'চিহ্নযাত্রা' ভাওনা অনুষ্ঠিত কৰা স্থানত জগন্নাথ পুৰীৰ ইন্দ্রদ্যুম্ন ৰজাই সজা দৌলৰ আৰ্হিত এটি দৌল মন্দিৰ সাজি ভাৰতীয় মহাজীৱনৰ অনুপম আনন্দ ৰঙৰ উৎসৱ ফাকুৱা পাতিছিল। তাহানিৰ পৰা সেই মহান ঐতিহ্যক সৰোগত কৰি মহা আড়ম্বৰপূৰ্ণ ভাবে প্রতি বছৰে দৌল উৎসৱ বা ফাকুৱা ফাল্গু পূৰ্নিমা তিথিত পালন কৰা হয়।
তদুপলক্ষে মঙলবাৰৰ পৰা ২১ মাৰ্চলৈ পাঁচ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বটদ্রৱা থানত দৌল উৎসৱ পালন কৰা হ'ব। যোৱা নিশা বটদ্ৰৱা থানৰ আলোচনা কক্ষত দৌল উৎসৱ উপলক্ষ্যে অসমীয়া বাৰ্ষিক কেলেণ্ডাৰ উন্মোচন কৰা হয়। অনুষ্ঠানটোত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্ত, কাৰ্য্যকৰী সভাপতি ৰাজীৱ দত্ত, সাধাৰণ সম্পাদক অৰূপ শইকীয়া —-প্ৰমুখ্যে বিষয়বৱীয়া আৰু কাৰ্য্যনিৰ্বাহক সদস্য সকল উপস্থিত আছিল।
আজি গন্ধোৎসৱ উপলক্ষে পুৱা তাল কোবোৱা প্ৰসংগ, মঞ্জিৰা নাম, আইসকলৰ নাম, খোল প্রসঙ্গ, দুপৰীয়া প্ৰসংগ আদি বিভিন্ন নিত্য নৈমিত্তিক প্ৰসংগৰ উপৰিও সন্ধ্যা গোসাঁইক গায়ন বায়ন আৰু ভক্তসবে গাই বাই কীৰ্তনঘৰৰ পৰা উলিয়াই আনি কীৰ্তনঘৰৰ নাতিদূৰত অস্থায়ীকৈ সজা ৰভাতলত স্থাপন কৰা হ'ব। পিছত গোসাঁইক স্নান কাৰ্য্য সম্পাদনৰ পিছত গান্ধবিৰিঙা, গুণ গাঁঠিয়ন, মুঠা, মিঠি, পিৰিকা ফুল আদি ভেষজ উপাদানেৰে প্রস্তুত কৰা গন্ধ তেল বুলি প্রচলিত এই বিশেষ তেলৰে নোওৱা হব।
তাৰ পাছত তেল, চন্দন, অগৰু সানি গোসাঁইক নতু্ন বস্ত্র, অলংকাৰ পিন্ধাই সিংহাসনত স্থাপন কৰি গায়ন বায়নে 'ৰাম ধেমালী' পৰিবেশন কৰিব। কাইলৈ অথাৎ ১৮ ৰ্মাচ 'গোসাঁই মূৰত ফাকু দিয়া উৎসৱ'ৰ দুপৰীয়া গোসাঁইক নোৱাই ধোৱাই আসনত বহুৱাই সুবাসিত ফাকু দিয়া হ'ব আৰু গায়ন বায়নে 'ন-ধেমালী' পৰিবেশন কৰিৱ আৰু ভক্ত বৈষ্ণৱ সকলে ফাকু ৰ্নিমালী আৰু পদজল গ্রহন কৰিব। সেইদিনা ওৰে নিশা গোসাঁইক ৰভাতলত ৰাখি ৰাজ্য খনৰ ভিন্ন প্রন্তৰ পৰা অহা ভক্ত বৈষ্ণৱে নাম কীৰ্তন কৰিব। ১৯ ৰ্মাচৰ দিনা গোসাঁই ফুৰোৱা উৎসৱ।
সেই দিনা ২ বজাত গায়ন বায়ন, ভকত-বৈষ্ণৱ, আই-মাতৃ সকলোৱে কৃষ্ণ গোসাঁইক ৰভাতলৰ পৰা উলিয়াই দৌললে যাত্রা কৰিব। দৌল মন্দিৰত গোসাঁইক পূজা অৰ্চনা দি সাত পাক পদক্ষিন কৰোৱাৰ পাছত পাছত গোসাঁইক বৰদোৱাৰ দুই সত্ৰ ক্ৰমে শ্ৰীশ্ৰী শলগুৰি আৰু শ্ৰীশ্ৰী নৰোৱা সত্ৰত প্ৰদক্ষিন কৰোৱাৰ লগতে সত্ৰাধিকাৰ, ডেকাসত্ৰাধিকাৰৰ ঘৰত প্ৰবেশ কৰোৱাই পূজা অৰ্চনা দি শেষত কীৰ্তন ঘৰত প্ৰবেশ কৰোৱা পাছতে দৌল
যাত্রা উৎসৱৰ ধৰ্মীয় কাৰ্যসূচীৰ অন্ত পৰিব।
আনহাতে দৌল যাত্রা উৎসৱৰ লগত সংগতি ৰাখি ১৮,১৯ আৰু ২০ ৰ্মাচৰ নিশা আকাশী গংগাৰ পাৰৰ প্রেক্ষাগৃহত সংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। তিনিও নিশাতে ৰাজ্য খনৰ ভিন্ন প্রান্তৰ পৰা আমন্ত্রিত ভাওনা, সত্রীয়া নৃত্য, লোক নৃত্য, লোক সংগীত, বৰগীত, শাস্ত্ৰীয় নৃত্য, দিহানাম আদি অনুষ্ঠানেৰে মুখৰিত হ'ব।