অসম আৰক্ষীৰ কনিষ্টবল নিযুক্তি পৰীক্ষাৰ ফলাফলে বটদ্ৰৱাৰ বহু দৰিদ্ৰ পৰিয়াললৈ আনিছে আশাৰ বতৰা

হাজাৰ বাধা বিঘিনি কেতিয়াওঁ সফলতাৰ বাবে হেঙাৰ হ'ব নোৱাৰে। আজি এই কথা প্ৰমাণ কৰিলে বটদ্ৰৱাৰ সমীপৱৰ্তী ভোমোৰাগুৰি গাঁৱৰ লক্ষ্য জ্যোতি বৰদলৈয়ে।
অসম আৰক্ষীৰ কনিষ্টবল নিযুক্তি পৰীক্ষাৰ ফলাফলে বটদ্ৰৱাৰ বহু দৰিদ্ৰ পৰিয়াললৈ আনিছে আশাৰ বতৰা

ডিজিটেল সংবাদ, বটদ্ৰৱা: হাজাৰ বাধা বিঘিনি কেতিয়াওঁ সফলতাৰ বাবে হেঙাৰ হ'ব নোৱাৰে। আজি এই কথা প্ৰমাণ কৰিলে বটদ্ৰৱাৰ সমীপৱৰ্তী ভোমোৰাগুৰি গাঁৱৰ লক্ষ্য জ্যোতি বৰদলৈয়ে।

দেওবাৰে ঘোষিত অসম চৰকাৰৰ কনিষ্টবল নিযুক্তি পৰীক্ষাৰ ফলাফলত উত্তীৰ্ণ হোৱা লক্ষ্য জ্যোতি বৰদলৈ অতি দৰিদ্ৰ পৰিয়ালৰ যুৱক। শৈশৱতে নিজৰ পিতৃ-মাতৃক হেৰুওৱা লক্ষ্য জ্যোতিক বৃদ্ধা আইতাকে অতি কষ্টৰে ডাঙৰ দীঘল কৰি শিক্ষাৰ বাটত আগুৱাই দিছিল।

উল্লেখ্য যে, অতি কষ্টৰে আৰক্ষীৰ বাবে প্ৰস্তুত হোৱা লক্ষ্য জ্যোতিয়ে ২০১৮ চনতো আৰক্ষী নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হৈ মাত্ৰ ১.৫০ নম্বৰৰ বাবে বঞ্চিত হৈছিল। তাৰ পাছত failure is the pillar of success বাক্যটো সৰোগত কৰি দুগুণ উৎসাহেৰে অনুশীলন আৰু অধ্যয়নত অগ্ৰসৰ হৈ আজি উত্তীৰ্ণ হয়।

লক্ষ্য জ্যোতিৰ সফলতাত অঞ্চলবাসী সন্তোষ প্ৰকাশ কৰিছে। লগতে ভোমোৰাগুৰি গাঁৱৰ কৃষকৰ পুত্ৰ পল বৰদলৈ, গোলামালৰ দোকানীৰ পুত্ৰ জ্ঞানদীপ নাথেও আৰক্ষীত নিযুক্তি লাভ কৰিছে।

ইফালে আজি ঘোষণা কৰা হ'ল অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ ফলাফলত দুখীয়া পৰিয়ালৰ যুৱকৰ নিযুক্তিৰ খৱৰত বটদ্ৰৱাৰ ৰাইডঙীয়াত আনন্দৰ বন্যা বইছে। ভোলা কলিতা আৰু প্ৰয়াত মাতৃ তুলু কলিতাৰ একমাত্র পুত্র দিপাংকৰ কলিতাই অসম বেটেলিয়ান কামাণ্ডত নিযুক্তি লাভ কৰিছে।

উল্লেখ্য যে, দিপাংকৰ মাতৃৰ বিয়োগৰ পিছৰে পৰা ৰাইডঙীয়াৰ জেঠায়েকৰ ঘৰত ডাঙৰ দীঘল হৈছিল। বহু কষ্টৰ সন্মুখীন অৱশেষত সফলতা লাভ কৰা দীপাংকৰ ফলাফলত দৰিদ্ৰতাই কোঙা কৰা ঘৰ খনত এতিয়া হাঁহি বিৰিঙাৰ লগতে আনন্দত উৎফুল্লিত হৈ পৰিছে।

লগতে ৰাইডঙীয়া ৰজাগাঁৱৰ ৰিক্সা চালকৰ পুত্ৰ নৱজ্যোতি বৰাই আজি অসম চৰকাৰৰ কনিষ্টবল নিযুক্তি পৰীক্ষাৰ ফলাফলত উত্তীৰ্ণ হৈছে। আনহাতে বটদ্ৰৱা সমষ্টিৰ খালৈ গাঁৱৰ পিতৃৰ লগতে নিজেও দিনহাজিৰা কৰি পৰিয়াল পোহপাল দিয়া জ্যোতিৰ্ময় লাহন আৰু অনিৰুদ্ধ ডেকা নামৰ দুজন যুৱকৰ সফলতাৰ খৱৰে অঞ্চলটোলৈ আনন্দৰ বতৰা কঢ়িয়াই আনিছে।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in