নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ত বটদ্ৰৱা থানৰ দৌল যাত্ৰা মহোৎসৱৰ প্ৰস্তুতি বৈঠক…

নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ত বটদ্ৰৱা থানৰ দৌল যাত্ৰা মহোৎসৱৰ প্ৰস্তুতি বৈঠক…

author-image
asomiyapratidin
New Update
নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ত বটদ্ৰৱা থানৰ দৌল যাত্ৰা মহোৎসৱৰ প্ৰস্তুতি বৈঠক…

ডিজিটেল সংবাদ, বটদ্ৰৱা : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ মূল উৎসৱ "দৌল যাত্ৰা মহোৎসৱ"ৰ প্ৰস্ততি সন্দৰ্ভত সোমবাৰে নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ত এখনি সভা অনুষ্ঠিত হয়।

অহা ২৭ মাৰ্চৰ পাঁচ দিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হবলগিয়া দৌল যাত্ৰা মহোৎসৱ উদযাপনৰ বিভিন্ন দিশ সাঙুৰি অনুষ্ঠিত বৈঠক খনিত নগাঁও জিলাৰ উপায়ুক্ত কবিতা পদ্মনাভন, নগাঁও জিলা আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ, বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি তথা শ্ৰীশ্ৰী নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামী, উপসভাপতি তথা শ্ৰীশ্ৰী শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ দেৱমহনন্ত, সাধাৰণ সম্পাদক ইন্দ্ৰ মোহন বৰুৱাকে প্ৰমুখ্য কৰি বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সদস্য সকল উপস্থিত থাকে। দৌল উৎসৱ সন্দৰ্ভত মঙলবাৰে পুনৰ জিলা প্ৰশাসনৰ লগত বৃস্তিত ভাবে আৰু এখনি সভা অনুষ্ঠিত হব বুলি বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি, সম্পাদকে জানিবলৈ দিয়ে