বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সভা আৰু নিৰ্বাচনৰ আহ্বান...

গুৱাহাটী উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ এখন পূৰ্ণাংগ কাৰ্যনিবাহ সমিতি গঠনৰ বাবে অহা ১২ আগষ্ট তাৰিখ অন্তিম সীমা ধাৰ্য কৰি এক

author-image
Asomiya Pratidin
New Update
ffsffsf

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ গুৱাহাটী উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ এখন পূৰ্ণাংগ কাৰ্যনিবাহ সমিতি গঠনৰ বাবে অহা ১২ আগষ্ট তাৰিখ অন্তিম সীমা ধাৰ্য কৰি এক ঐতিহাসিক ৰায় প্ৰদান কৰিছিল। কিন্ত বিভিন্ন দিশৰ পৰা অহা বাধাৰ বাবে বটদ্ৰৱা থান পৰিচালনা তদৰ্থ সমিতিয়ে বিগত দিনত সভাখনি অনুষ্ঠিত কৰিব পৰা নাছিল।

শেষত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ লেখ আবেদনৰ শুনানিৰ ভিত্তিত ন্যায়ালয়ৰ ৪ আগষ্টৰ এক হুকুম আৰু নিৰ্দেশনাৰ পৰিপেক্ষিতত অহা ১০ আগষ্টত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সভা আৰু নিৰ্বাচন আহ্বান কৰা হৈছে।

বটদ্ৰৱা থানৰ আকাশী গংগাৰ তীৰৰ আই খেৰসূতী সাংস্কৃতিক মঞ্চত পুৱা ১১ বজাৰ পৰা অনুষ্ঠিত হবলগীয়া উক্ত সভাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা বটদ্ৰৱা থানৰ সত্ৰীয়া আৰু আজীৱন সদস্য সকলক উপস্থিত থাকিবলৈ বিনম্ৰ অনুৰোধ জনাইছে বটদ্ৰৱা থান পৰিচালনা তদৰ্থ সমিতিৰ হৈ গনেশ বৰাই।

বটদ্ৰৱা থান