
ডিজিটেল সংবাদ, বটদ্ৰৱা: দ্বিতীয় পর্যায়ৰ লক ডাউন চলি থকাৰ পৰিপ্ৰেক্ষিতত স্থবিৰ হৈ পৰিছে সমগ্র ৰাজ্য। লকডাউনৰ বাবে বন্ধ হৈ আছে চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে শিক্ষানুষ্ঠান সমূহ। এই সময়ছোৱাত বটদ্ৰৱাৰ সমীপৱৰ্তী কুঁজি সত্ৰত দেখিবলৈ পোৱা গৈছে ব্যতিক্ৰমী তথা অনুকৰণীয় দৃশ্য।
লকডাউনৰ সময়ছোৱাত কুঁজি সত্ৰৰ বৰবায়ন মনিৰাম কাকতিৰ তত্বাৱধানত চলিছে মহাপুৰুষ গুৰুজনাৰ অপুৰ্ব সৃষ্টি খোল বাদ্যৰ চৰ্চা। ৮০ উদ্ধৰ বৰবায়ন তথা কুজিসত্ৰৰ একনিষ্ঠ ভকত মনিৰাম কাকতিয়ে সত্ৰৰ নৈসৰ্গিক পৰিবেশৰ মাজত সত্ৰৰ চোতালত খোল বাদনৰ শিক্ষা দিছে।
গুৰুজনাৰ স্মৃতি বিজড়িত কুঁজি সত্ৰৰ বেচৰকাৰী খণ্ডত নিয়োজিত যুৱক, বিদ্যালয়-মহাবিদ্যালয়ত অধ্যয়নৰত শিক্ষাৰ্থী সকলে লকডাউনৰ সময়ছোৱাত সময়ৰ অপব্যৱহাৰ নকৰি ব্যস্ত হৈ পৰিছে গুৰুজনাৰ অপূৰ্ব সৃষ্টি খোল বাদ্যৰ চৰ্চাত। গুৰুজনাৰ স্মৃতি বিজড়িত ঐতিহ্যমণ্ডিত কুঁজি সত্ৰৰ নৱ প্ৰজন্মই এইদৰে নিজৰ কৃষ্টি সংস্কৃতিৰ চৰ্চাত নিমগ্ন হোৱা দৃশ্য সচাকৈ অনুকৰণীয়।
উল্লেখ্য যে, বৰবায়ন মনিৰাম কাকতিৰ তত্বাৱধানত লকডাউনৰ সময়ছোৱাত গাঁৱৰ যুৱক সকলক তিনিটা ভাগত ভাগ কৰি চৰকাৰী নিৰ্দেশনা মতে দূৰত্ব বজাই ৰাখি এই খোল বাদ্যৰ শিক্ষা দিয়া হৈছে। ১৬৫০ খৃষ্টাব্দত আই কনকলতা আৰু দামোদৰ আতাই বটদ্ৰৱাৰ দক্ষিণ দিশত স্থাপন কৰা তথা বহু প্ৰাচীন তথা আপুৰুগীয়া সম্পদৰ ভৰপূৰ কুঁজি সত্ৰত বৰ্তমান নৱ প্ৰজন্মৰ খোলৰ চাপৰত মুখৰিত হৈ পৰিছে আকাশ বতাহ।