ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বাঁহ-বেতৰ শিল্প হৈছে অসমৰ এক কুটীৰ শিল্প। প্ৰাকৃতিক সম্পদেৰে চহকী অসমত পৌৰাণিক দিনৰে পৰাই জীৱনশৈলী আৰু অৰ্থনীতিৰ এক অংগ হিচাপে স্থান লাভ কৰি আহিছে। সাম্প্ৰতিক সময়ত দৈনন্দিন জীৱনত মানুহৰ ঘৰত ব্যৱহাৰ কৰা প্লাষ্টিক, এলুমিনিয়াম বা কাচেৰে তৈয়াৰী সামগ্ৰীৰ সহজলভ্য তথা পয়োভৰৰ সময়টো বিলুপ্তপ্ৰায় বাঁহ বেতৰ কুটীৰ শিল্পৰ চৰ্চাৰে সমগ্ৰ জীৱন অতিবাহিত কৰা এজন চহা শিল্পী হৈছে বালিবৰ বৰদলৈ।
নগাঁও জিলাৰ হাতীচোং মৌজাৰ অন্তৰ্গত ৰহঢলা গাঁৱৰ বালিবৰ বৰদলৈয়ে শৈশৱৰ পৰাই বাঁহ বেতৰ কাম কৰি জীৱনৰ মাদকতা পাই আহিছে। অতি নিপুন হাতেৰে শৰাই, জাপি, খালৈ জাকৈ, চেপা, পাচি খৰাহি, ডলা, চালনি, ম'ৰা চৰাই, টেবুল চকী, মুঢ়া, ফুলদানী, ফুল আদিৰ উপৰিও তেখেতৰ নিজ চোতালত থকা চালে চকুৰোৱা বাঁহৰ নিৰ্মিত নামঘৰ আৰু মনিকূট প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে চবক মানিছে। ৰহঢলা গাঁৱৰ বালিবৰ বৰদলৈৰ ঘৰত সংৰক্ষিত হৈ আছে বহু বছৰৰ পুৰণি বাঁহ বেতেৰে নিৰ্মিত এনে বহু সামগ্ৰীসমূহ। উল্লেখ্য যে, অতীজৰ অসমীয়া গ্ৰাম্য সমাজখনত কুটিৰ শিল্পৰ বিশেষ সমাদৰ আছিল । গ্ৰাম্য অৰ্থনীতিকো ধৰি ৰাখিছিল কুটিৰ শিল্পই।
কুটিৰ শিল্পসমূহৰ অন্যতম বাঁহ-বেতৰ সামগ্ৰী আছিল দেশে-বিদেশে সমাদৃত । তাহানি কালত নিপুন হাতেৰে বনোৱা বাঁহ বেতৰ শিল্পৰ নিদৰ্শনে আজিও সকলোকে মোহিত কৰে। অতি সুক্ষ্মভাৱে সুন্দৰকৈ চালে চকুৰোৱা এনে সম্পদে কুটিৰ শিল্পৰ লগত জড়িতসকলৰ শৈল্পিক দক্ষতাক অবিস্মৰণীয় কৰি ৰাখিছে। উপৰিপুৰুষৰ কৰ্মৰ চানেকিত প্ৰেৰণা লাভ কৰা বালিবৰ বৰদলৈয়ে বাঁহ বেতৰ সামগ্ৰী তৈয়াৰ কৰি জীৱিকাৰ অংগ কৰি লৈছে। ৭৫ বছৰীয়া বৰদলৈয়ে সু-নিপুন হাতেৰে এটাৰ পাচত এটাকৈ তেওঁ সামগ্ৰী নিৰ্মাণ কৰি গৈছে।
তেওঁ ইতিমধ্যে নিজ গাঁৱৰ ওপৰিও তেজপুৰ, মৰিগাঁও, নগাঁও জিলাৰ বিভিন্ন অনুষ্ঠানত বাঁহৰ তোৰন, চৰাঘৰ নিৰ্মাণ কৰি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। আৰ্থিকভাৱে দুখীয়া বৰদলৈয়ে অনাগত সময়ত চৰকাৰীভাৱে কিছু সহায় পালে তেওঁ এই শিল্পৰ আৰু চৰ্চা কৰি নৱপ্ৰজন্মক শিকাব পৰা যাব বুলি প্ৰকাশ কৰে। হেৰাই যাব খোজা এই বাঁহ বেতৰ শিল্প চৰ্চা কৰা বালিবৰ বৰদলৈক শিল্পী পেঞ্চন দিবলৈ অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে দাবী তুলিছে।