তিনিমাহে দৰমহা নাই বাসুগাঁও পৌৰসভা কাৰ্যালয়ৰ কৰ্মচাৰীৰ

তিনিমাহে দৰমহা নাই বাসুগাঁও পৌৰসভা কাৰ্যালয়ৰ কৰ্মচাৰীৰ

ডিজিটেল সংবাদ, চিৰাংঃ প্ৰায় তিনিমাহে দৰমহা নাই বাসুগাঁও পৌৰসভা কাৰ্যালয় কৰ্মচাৰীসকলৰ । চৰম আৰ্থিক দৈন্যতাৰ মাজত থাকি পৰিয়াল পোহপাল দিব লগা হৈছে পৌৰসভাৰ কৰ্মচাৰীসকল । অকল এয়াই নহয় একমাত্ৰ আৰ্থিক জটিলতাৰ বাবেই বিগত তিনিমাহ ধৰি বাসুগাঁও পৌৰসভাৰ এলেকাত প্ৰায়ভাগ উন্নয়নমূলক কামকাজ স্থবিৰ হৈ পৰিছে । একমাত্ৰ আৰ্থিক সমস্যাৰ বাবে কোনো এটা কাম কৰিব পৰা নাই বাসুগাঁও পৌৰসভাই । এই দুয়োটা সমস্যাৰ কাৰণ হৈছে বাসুগাঁও পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া তথা চিদলী ৰাজহচক্ৰ বিষয়া জ্ঞানদ্বীপ নেওঁগৰ অনুপস্থিতি।

এই সন্দৰ্ভত বাসুগাঁও পৌৰসভাৰ সভাপতি সাধন মণ্ডলে সংবাদ মাধ্যমৰ আগত অভিযোগ কৰা মতে বিগত আঢ়ৈ মাহ ধৰি বাসুগাঁও পৌৰসভা কাৰ্যালয়ত উপস্থিত নাই কাৰ্য্যবাহী বিষয়া তথা চিদলী ৰাজহচক্ৰ বিষয়া জ্ঞানদ্বীপ নেওঁগ । কাৰণ চৰকাৰৰ নিয়ম অনুসৰি বেঙ্কত পৌৰসভাৰ সকলো ধৰণৰ আৰ্থিক লেনদেনৰ কৰ্তৃত্ব থাকে কাৰ্য্যবাহী বিষয়া আৰু পৌৰসভাৰ সভাপতিৰ । তেনেক্ষেত্ৰত বিগত আঢ়ৈ মাহ ধৰি বাসুগাঁও পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া জ্ঞানদ্বীপ নেওঁগৰ কোনো খা খবৰ নাই । তেখেত ছুটিত আছে নে বদলি হৈ গৈছে কোনো তথ্যই বাসুগাঁও পৌৰসভা বা সভাপতিৰ হাতত নাই ।

ইপিনে তেখেতৰ স্বাক্ষৰ অবিহনে বাসুগাঁও পৌৰসভাৰ স্থায়ী বা অস্থায়ী কোনো এজন কৰ্মচাৰীৰ তিনিমাহৰ পাবলগীয়া দৰমহা মোকলাই দিবলৈ সক্ষম হোৱা নাই । ইয়াকে লৈ পৌৰসভাৰ কৰ্মচাৰী সকলৰ মাজত তীব্ৰ অসন্তুষ্টি দেখা দিছে । এই অনুপস্থিতি আৰু আৰ্থিক সমস্যাৰ কাৰণে বাসুগাঁও পৌৰসভা এলেকাৰ সকলোধৰণৰ উন্নয়নমূলক কামকাজ বন্ধ হৈ আছে । কিন্তু কি কাৰণত তেখেত ইমান দীঘলীয়া সময় বাসুগাঁও পৌৰসভা কাৰ্যালয়ত উপস্থিত হোৱা নাই এই সন্দৰ্ভত সংশ্লিষ্ট বিষয়াগৰাকী আনকি বিটিচি কতৃপক্ষৰ কোনেও বাসুগাঁও পৌৰসভাক লিখিত ভাবে অৱগত কৰা নাই ।

বিগত সময়ছোৱাত বিভিন্ন উন্নয়নমূলক কাম সম্পূৰ্ণ কৰা ঠিকাদাৰসকলে বিলৰ বাবে আহি উভতি গৈ আছে । এনে পৰিস্থিতিৰ মাজত উপায়হীনহৈ বাসুগাঁও পৌৰসভাৰ পৰা বিটিচিৰ চিএইচডি কাৰ্যালয়ত প্ৰত্ৰ প্ৰেৰণ কৰা হৈছিল কিন্তু দুৰ্ভাগ্যজনক কথা এই সন্দৰ্ভত বিটিচি ফালৰ পৰা কোনো ধৰণৰ সদুত্তৰ দিয়া পোৱা নাই বুলি সভাপতি গৰাকীয়ে সদৰি কৰে । তিনিমাহ ধৰি দৰমহাৰ পৰা বঞ্চিত হৈ থকা পৌৰসভাৰ কৰ্মচাৰী সকলে কয় যে দৰমহা নেপোৱাৰ বাবে বেলেগৰ পৰা টকা ধাৰে লৈ দোকানৰ ঋণ পৰিশোধ কৰি কোনোমতে পৰিয়াল পোহপাল দি আছে পৌৰসভাৰ অধিকাংশ কৰ্মচাৰী সকলে অভিযোগ কৰে। সেয়ে বাসুগাঁও পৌৰসভাৰ অচলাৱস্থা দুৰ কৰা লগতে পৌৰসভাৰ কৰ্মচাৰী সকলৰ দুৰবস্থাৰ প্ৰতি লক্ষ্য ৰাখি অতি সোনকালে এগৰাকী কাৰ্য্যবাহী বিষয়া নিযুক্তি দিবলৈ অসম চৰকাৰলৈ আহ্বান জনায় ।

তিনিমাহে দৰমহা নাই বাসুগাঁও পৌৰসভা কাৰ্যালয়ৰ কৰ্মচাৰীৰ
জম্মু-কাশ্মীৰলৈ মোডীঃ কটকটীয়া নিৰাপত্তা ব্যৱস্থা,পৰীক্ষা স্থগিত, বন্ধ কৰি দিয়া হৈছে বিদ্যালয়
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in