/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/02/1f1145bc-aa3c-4d0f-9715-4165757c817c.jpg)
ডিজিটেল সংবাদ, বৰপেটাঃ বিগত কেইদিন মানতেই বিষাক্ত সুৰাই গোলাঘাট, যোৰহাট জিলাত ডেৰ শতাধিক লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ পিছতে ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকা স্বত্তেও অব্যাহত আছে সুৰাৰ ৰমৰমীয়া বেহা। উজনি অসমৰ বিভিন্ন স্থানত আবকাৰী বিভাগে অভিযান চলালেও, নামনি অসমত এইক্ষেত্ৰত আবকাৰী বিভাগ নিৰ্বিকাৰ হৈ আছে। কিন্তু বৃহস্পতিবাৰে প্ৰথমবাৰলৈ নামনি অসমৰ বৰপেটা জিলাত বিশাল মহিলা বাহিনী ৰাজপথলৈ ওলাই আহি চৰকাৰ-প্ৰশাসনৰ এই স্থিতিগ তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।
গ্ৰামাঞ্চলৰ সমাজ জীৱন পংগু কৰাৰ বাবে চৰকাৰখনে গাঁৱে-ভূঞে মেলি দিছে দেশীয় সুৰাৰ বিপনী। যাৰ পৰিণতিত একো একোটা অঞ্চলৰ পৰিৱেশ ধ্বংস হৈছে আৰু একো একোখন সংসাৰত সৃষ্টি হৈছে অশান্তি। ৰাজ্যৰ গ্ৰামাঞ্চলত দেশীয় সুৰাৰ বিপনী অনুঞ্জাপত্ৰ দিয়া আবকাৰী বিভাগক ধিক্কাৰ দিয়াৰ লগতে দেশীয় সুৰাৰ দোকান বন্ধ কৰাৰ দাবীত বৃহস্পতিবাৰে বৰপেটা জিলাৰ কেওঁটকুছি গাঁৱৰ ডেৰ শতাধিক মহিলাই বৰপেটা-দৌলাশাল-গুৱাহাটী ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
বৃহস্পতিবাৰে দিনৰ প্ৰায় ১১ বজাৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদৰ ফলত উক্ত পথচোৱাত প্ৰায় ১ ঘণ্টা ধৰি ব্যাহত হৈ পৰে যান-বাহন চলাচল। ইফালে, প্ৰতিবাদস্থলীত আৰক্ষী দণ্ডাধীশ উপস্থিত হোৱাৰ পাছতহে শাম কাটে এই প্ৰতিবাদৰ। আনহাতে, দেশীয় সুৰাৰ দোকান বন্ধ কৰাৰ দাবীত কেওঁটকুছি মহিলা সমিতিয়ে মুখ্যমন্ত্ৰীলৈ লিখা স্মাৰকপত্ৰ বৰপেটাৰ খণ্ড উন্নয়ন বিষয়া তথা দণ্ডাধীশগৰাকীয়ে গ্ৰহণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/02/32936086-998a-44f6-8649-e537895bcff0.jpg)
প্ৰতিবাদকাৰী মহিলাসকলে চৰকাৰ তথা জিলা প্ৰশাসনক ৩ দিনৰ ভিতৰত দেশীয় সুৰাৰ দোকান বন্ধ কৰাৰ সময়সীমা বান্ধি দিয়ে। উল্লেখ্য যে, সত্ৰনগৰী বৰপেটাত সুৰাৰ বিপনী নিষিদ্ধ কৰাৰ সিদ্ধান্ত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী মহেন্দ্ৰ মোহন চৌধুৰীয়ে কেবিনেটত লৈছিল। সেয়ে আবকাৰী বিভাগে বৰ্তমানলৈকে বৰপেটা চহৰত সুৰাৰ বিপনী দিব পৰা নাই। কিন্তু সত্ৰ নগৰীৰ গাতে লাগি কা গাঁওসমূহত দেশীয় সুৰাৰ বিপনী স্থাপন কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/02/f860fb9a-82f2-459c-9cd3-f1562cb855b1.jpg)
বৰপেটা সত্ৰৰ পৰা কেওঁটকুছি গাঁৱৰ দূৰত্ব ৫ কিলোমিটাৰ। যি স্থানত সুৰাৰ বিপনী খোলা হৈছে তাৰ নিচেই কাষতে আছে কেওঁটকুছি হাইস্কুল আৰু সন্মুখৰ ভাগত আছে বৰপেটা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়। আবকাৰী বিভাগে সকলো নীতি-নিয়ম উলংঘা কৰি গুৰুজনাৰ শিষ্য মহাপুৰুষ মুকুন্দদেৱ স্থাপিত সত্ৰ থকা কেওঁটকুছি গাঁৱত দেশীয় সুৰাৰ দোকান স্থাপন কৰি অঞ্চলটোৰ সামাজিক বাতাবৰণ ধ্বংস কৰিছে বুলিও মন্তব্য কৰে প্ৰতিবাদকাৰীয়ে।