এন আৰ চিৰ পূৰ্বে চেঙাত বৰপেটা আৰক্ষী প্ৰশাসনৰ সমদল, অপপ্ৰচাৰৰ ওপৰত চোকা নজৰ আৰক্ষীৰঃ সমীৰণ বৈশ্য

এন আৰ চিৰ পূৰ্বে চেঙাত বৰপেটা আৰক্ষী প্ৰশাসনৰ সমদল, অপপ্ৰচাৰৰ ওপৰত চোকা নজৰ আৰক্ষীৰঃ সমীৰণ বৈশ্য

author-image
asomiyapratidin
New Update
এন আৰ চিৰ পূৰ্বে চেঙাত বৰপেটা আৰক্ষী প্ৰশাসনৰ সমদল, অপপ্ৰচাৰৰ ওপৰত চোকা নজৰ আৰক্ষীৰঃ সমীৰণ বৈশ্য

ডিজিটেল সংবাদ, চেঙাঃ এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশৰ বাবে মাজত মাত্ৰ চাৰিটা দিন। সষ্টম হৈ পৰিছে ৰাজ্যৰ আৰক্ষী প্ৰশাসন। তাৰ সমান্তৰালকৈ বৰপেটা জিলা আৰক্ষী প্ৰশাসনেও বিভিন্ন ঠাইত সভা-সমিতি অনুষ্ঠিত কৰি ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰি আহিছে।

Advertisment

তাৰেই অংশ হিচাপে মঙলবাৰে তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত চেঙাত উপ আৰক্ষী অধীক্ষক (সদৰ) সমীৰণ বৈশ্যৰ নেতৃত্বত প্ৰায় ৫ কিঃমিঃ পথ সমদল কৰি এন আৰ চি সন্দৰ্ভত ৰাইজক সজাগ কৰে।তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিষ দাসৰ লগতে এছ এছ বি আৰু চি আৰ পি এফ জোৱানেও এই সজাগতামূলক সমদলত অংশগ্ৰহণ কৰে।

এন আৰ চিক লৈ কোনো শংকিত হ'ব নালাগে বুলি কোৱাৰ লগতে উপ আৰক্ষী অধীক্ষক গৰাকীয়ে কয় যে, অপপ্ৰচাৰ বিয়পাব খোজা দুষ্কৃতিকাৰীসকলৰ ওপৰতো আৰক্ষীয়ে চোকা নজৰ ৰাখিছে। এন আৰ চি প্ৰকাশৰ সময়ত শান্তি- শৃংখলা বজাই ৰাখিবলৈ ৰাইজলৈ আহ্বান জনায় উপ আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই।