দূৰণিবটীয়া যাত্ৰীক খিচিৰি প্ৰদান বৰপেটা জিলা আৰক্ষীৰ, বৰপেটা জিলাৰ মাজদিয়াত নিচিদ্ৰ তালাচী, প্ৰতিগৰাকী যাত্ৰীকে কৰিছে স্ক্ৰিনিং

দূৰণিবটীয়া যাত্ৰীক খিচিৰি প্ৰদান বৰপেটা জিলা আৰক্ষীৰ, বৰপেটা জিলাৰ মাজদিয়াত নিচিদ্ৰ তালাচী, প্ৰতিগৰাকী যাত্ৰীকে কৰিছে স্ক্ৰিনিং

ডিজিটেল সংবাদ, চেঙাঃ শনিবাৰৰ পৰা ৰাজ্যত তিনিদিনৰ বাবে আৰম্ভ হোৱা প্ৰথম পৰ্য্যায়ৰ আন্তঃজিলা বাছ সেৱা ব্যৱস্থাৰ সোমবাৰে অন্তিম দিন। জিলা উপায়ুক্তৰ ওচৰত ই-পাছৰ বাবে আবেদন কৰি চৰকাৰী নিৰ্দেশ অনুসৰি গন্তব্য স্থানলৈ ৰাওনা হয় লোকসকল। বিভিন্ন জিলাৰ পৰা বৰপেটালৈ অহা যাত্ৰীসকলক বৰপেটা জিলাৰ পূব সীমান্তৰ মাজদিয়াত তৃতীয় দিনাও স্কেনিং পৰীক্ষা কৰা হয়।বাতৰি লিখা পৰলৈ বৰপেটা জিলাত ২৮০৮ গৰাকী যাত্ৰী প্ৰবেশ কৰিছে আৰু আটাইৰে স্কেনিং পৰীক্ষা কৰা হয় বুলি জানিব পৰা গৈছে। বৰপেটা জিলাৰ উপ আৰক্ষী অধীক্ষক (সদৰ) সমীৰণ বৈশ্যৰ নেতৃত্বত মাজদিয়াত গঢ়ি তোলা হৈছে নিচিদ্ৰ তালাচী।

আন জিলাৰ পৰা অহা কোনো এগৰাকী যাত্ৰীয়ে স্ক্ৰিনিং নকৰাকৈ বৰপেটা জিলাত প্ৰবেশ কৰিব নোৱাৰে তাৰ বাবে ডিএচপি সমীৰণ বৈশ্যই নিজেই তদাৰক কৰিছে। চৰকাৰী ব্যৱস্থাৰ জৰিয়তে যোৰহাট, নগাঁও, তিনিচুকীয়া,হোজাই, শোণিতপুৰ, শিৱসাগৰ, গোলাঘাট, বিশ্বনাথ চাৰিআলি, হাফলং, শিলচৰ, কৰিমগঞ্জ আদি বিভিন্ন স্থানৰ পৰা আহিছে লোকসকল। ভোকে -লঘোণে অহা দূৰণিবটীয়া এই যাত্ৰীসকলক বৰপেটা জিলা আৰক্ষীৰ তৰফৰ পৰা খিচিৰি প্ৰদান কৰা হয়।

দেওবাৰ আৰু সোমবাৰে বৰপেটা জিলা আৰক্ষীয়ে নিজেই প্ৰস্তুত কৰা এই খিচাৰি ডিএচপি(সদৰ) সমীৰণ বৈশ্যই নিজহাতে যাত্ৰীসকলক প্ৰদান কৰে। ভোকাতুৰ যাত্ৰীসকলে বৰপেটা জিলা আৰক্ষীৰ মহানুভৱতাৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি যাত্ৰীসকল সন্তোষ প্ৰকাশ কৰে। বৰপেটা জিলা আৰক্ষীৰ এনে মহান পদক্ষেপক অন্যান্য জিলা সমূহৰ আৰক্ষীসকলকো অনুকৰণ কৰিবলৈ আহ্বান জনায় যাত্ৰীসকলে।

বিপদৰ সময়ত বৰপেটা জিলা আৰক্ষীয়ে যোগান ধৰা খাদ্য- সামগ্ৰীয়ে আৰক্ষীৰ মহানুভৱতাৰ কথাকে প্ৰকাশ কৰিছে বুলিও মন্তব্য কৰে যাত্ৰীসকলে। তালাচী অভিযান আৰু খিচিৰি প্ৰদান অনুষ্ঠানত সৰ্থেবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অঞ্জন বড়ো, তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিষ দাস, মাজদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বীৰেণ কলিতা, সৰ্থেবাৰী থানা সমিতিৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক খান মইদুল ইছলামে দুপৰ নিশালৈ সহযোগিতা আগবঢ়ায়।

সৰুক্ষেত্ৰী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া গৌতম লাল মজুমদাৰে দায়িত্ববাহী বিষয়া উপস্থিত উপস্থিত থাকে।মাজদিয়াৰ সমাজ সচেতক মুক্তাৰ আলী, মাজদিয়া-গৰেমাৰী গাঁও উন্নয়ন সমিতিৰ সাধাৰণ সম্পাদক ফাৰুক উদ্দিন আহমেদ, মাজদিয়া-গৰেমাৰী গাঁওৰক্ষী বাহিনীৰ নায়ক চৈয়দ ছফিকুল হকেও উপস্থিত থাকি সহায়-সহযোগিতা আগবঢ়ায়। উল্লেখ্য যে বৰপেটা জিলা আৰক্ষীয়ে লকডাউন আৰম্ভ হোৱাৰ সময়ৰ পৰাই "কমিউনিটি কিচ্ছেন" নামৰ এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে। যাৰ জৰিয়তে জিলা আৰক্ষীয়ে জিলাখনৰ বিভিন্ন প্ৰান্তত খিচিৰি প্ৰদান কৰি আহিছে বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in