জোৰকৈ চুমা খাবলৈ চেষ্টা কৰোতে চুৰিৰে আক্ৰমণ কৰিছিল প্ৰৱঞ্চক প্ৰেমিকক, প্ৰেমিকাৰ চাঞ্চল্যকৰ স্বীকাৰোক্তি, VIDEO

জোৰকৈ চুমা খাবলৈ চেষ্টা কৰোতে চুৰিৰে আক্ৰমণ কৰিছিল প্ৰৱঞ্চক প্ৰেমিকক, প্ৰেমিকাৰ চাঞ্চল্যকৰ স্বীকাৰোক্তি, VIDEO

author-image
asomiyapratidin
New Update
জোৰকৈ চুমা খাবলৈ চেষ্টা কৰোতে চুৰিৰে আক্ৰমণ কৰিছিল প্ৰৱঞ্চক প্ৰেমিকক, প্ৰেমিকাৰ চাঞ্চল্যকৰ স্বীকাৰোক্তি, VIDEO

ডিজিটেল সংবাদ, বৰপেটাঃ বৰপেটাৰ নগাঁৱত প্ৰেয়সীৰ চুৰিকাঘাটত এজন প্ৰেমিক নিহত হোৱাৰ বাতৰিটোৱে কেইদিনমান পূৰ্বে সমগ্ৰ ৰাজ্যখনতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷ বহৰি পদ্মপাৰাৰ ৰুণা পাৰভীন নামৰ প্ৰেয়সীগৰাকীয়ে নগাঁৱৰ বাউসী বানীকান্ত কাকতি মহাবিদ্যালয়ৰ সমীপত দিন দূপৰতে চুৰিকাঘাত কৰি প্ৰেমিকক হত্যাৰ ঘটনাৰ পিচত শেহতীয়াভাৱে হত্যাৰ ঘটনাটো কিদৰে সংঘটিত হৈছিল সেই সম্পৰ্কীয় এটা ভিডিঅ' ভাইৰেল হৈ পৰিছে।

Advertisment

প্ৰেমিকক হত্যাৰ অভিযোগত বিচৰাধীন হৈ ন্যায়িক জিম্মাত থাকিবলৈ বাধ্য হোৱা ৰুণা পাৰভীনৰ এটা ভিডিঅ'ই সৃষ্টি কৰিছে তুমুল চাঞ্চল্যৰ৷ ভাইৰেল হৈ পৰা ভিডিঅ'টোত ৰুনাক কৈ গৈছে প্ৰৱঞ্চক প্ৰেমিক ময়দুলক কিদৰে হত্যা কৰিছিল সেই সমগ্ৰ ঘটনাৰ কথা৷ দীৰ্ঘ সাত বছৰৰ গভীৰ প্ৰেমৰ সম্পৰ্কক ভৰিৰে মোহাৰি প্ৰেমিক ময়দুলে চপাই আনিছিল আন এজনী যুৱতীক৷

প্ৰেমিকৰ এই প্ৰৱঞ্চনাত শোকত দগ্ধ হৈ পৰিছিল ৰুনাক পাৰভীন৷ অন্তৰৰ গভীৰতাৰে ভালপোৱা প্ৰেমিকৰ এই আচৰন সহজভাৱে লব নোৱাৰিলে ৰুনীমাই৷ আৰু অবশেষত লৈছিল সেই কঠোৰ সিদ্ধান্ত। বিবাহৰ তিনিদিন পিচত প্ৰেয়সীৰ চুৰিকাঘাটত নিহত হৈছিল প্ৰেমিক ময়দুল ইছলাম৷ সম্প্ৰতি ভাইৰেল হৈ পৰা ভিজিঅ'টোত হত্যাত অভিযুক্ত ৰুণা পাৰভীনে কৈ গৈছে কিদৰে সংঘটিত কৰিছিল হত্যাকাণ্ডটো৷ ১৯ আগষ্টত হত্যাৰ ঘটনাটো সংঘটিত হোৱাৰ চাৰিদিন পিচত ২২ আগষ্টৰ নিশা বৰপেটা চহৰৰ মেটুৱাকুছিৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৰুণা পাৰভীনক৷

গ্ৰেপ্তাৰৰ পিচদিনাখন পুৱা প্ৰেমিক হত্যাকাণ্ডত ব্যৱহৃত চুৰিখন উদ্ধাৰৰ বাবে ৰুণাক ঘটনাস্থলীলৈ লৈ গৈছিল আৰক্ষীয়ে৷ সেই সময়তে কোনো লোকে গোপনে ৰেকৰ্ডিং কৰিছিল ৰুণাই আৰক্ষীৰ আগত কোৱা সকলো কথা৷ আৰক্ষীৰ সন্নুখত ৰুণা পাৰভীনে যিডাল গছৰ তলত ঘটনাতো সংঘটিত হৈছিল সেই গছডাল দেখুৱাই দিয়াৰ লগতে হত্যাকাণ্ডটো সংঘটিত কৰি কিদৰে চুৰিখন দলিয়াই পেলাইছিল সেই কথা আৰক্ষীৰ আগত প্ৰকাশ কৰি থকা দেখা গৈছে ভিডিঅ'টোত৷

ভিডিঅ'টোত ৰুণাই কৈ গৈছে- 'প্ৰেমিক ময়দুলে বিৱাহিত পত্নীক তালাক দি পুনৰ ৰুনাক বিৱাহ কৰাব বুলি কৈছিল৷ আনহাতে ময়দুলে ৰুনাক চুমা খাব বিচাৰিছিল বুলিও ভিডিঅ'টোত প্ৰকাশ কৰিছে৷ ভিডিঅ'টোৰ মতে, ময়দুলে জোৰকৈ চুমা খাব বিচৰাৰ পিচতে হেনো ৰুনাই বেগৰ পৰা চুৰিখন উলিয়াই ময়দুলক আঘাত কৰি তাৰ পৰা দৌৰি আতৰি আহে আৰু ওচৰৰ পুখুৰী এটাত চুৰিখন দলিয়াই পেলায়৷

তাৰ পিচতে তাৰপৰা পলাই গৈ চাৰিদিন আত্মগোপন কৰি থকাৰ অন্তত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছিল ৰুনা পাৰভীন৷ ৰুনাৰ এই স্বীকাৰোক্তিৰ পিচতেই আৰক্ষীয়ে পুখুৰী এটাৰ পৰা উদ্ধাৰ কৰিছিল হত্যাত ব্যৱহৃত চুৰিখন৷ শেহতীয়াভাৱে ৰুণা পাৰভীনৰ এই ভাইৰেল হৈ পৰা এই ভিডিঅ'টোক লৈ ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে ৰাইজৰ মাজত৷