বৰক্ষেত্ৰীৰ লাউপাৰাত ঐতিহাসিক পঁচতি উৎসৱ উদযাপন

বৰক্ষেত্ৰীৰ লাউপাৰাত ঐতিহাসিক পঁচতি উৎসৱ উদযাপন

ডিজিটেল সংবাদ, দৌলাশালঃ নলবাৰী জিলাৰ বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত লাউপাৰা গাঁৱত দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে ঐতিহাসিক পঁচতি আৰু নন্দ উৎসৱ পালন কৰা হয় ৷ লাউপাৰা গাঁও পৰিচালনা সমিতিৰ উদ্যোগত গাঁওখনৰ শ্ৰীশ্ৰী শ্যামৰায় সত্ৰত আধ্যাত্মিক আৰু মাংগলিক কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় পঁচতি আৰু নন্দ উৎসৱ ৷

বিহগী কবি ৰঘুনাথ চৌধাৰীৰ জন্মস্থান ইতিহাস প্ৰসিদ্ধ লাউপাৰা গাঁওত পোন্ধৰ শতিকাৰ পৰা শ্ৰীকৃষ্ণৰ জন্মোৎসৱৰ পাঁচদিন পিছত অনুষ্ঠিত কৰি অহা পঁচতি উৎসৱৰ এইবেলি ধৰ্মধ্বজ্জা উত্তোলন কৰে শ্ৰী শ্ৰী শ্যামৰায় সত্ৰৰ সত্ৰাধিকাৰ দেৱেন্দ্ৰ নাথ গোস্বামীয়ে ৷ বন্তি প্ৰজ্বলন কৰে সত্ৰৰ ভকত অতুল কলিতাই ৷ ইয়াৰ পাছতে আয়তীৰ নাম প্ৰসংগৰে ভক্তিৰসত জীপাল হৈ পৰে শ্যামৰায় সত্ৰৰ চৌহদ ৷

পৌৰাণিক পৰম্পৰা অনুসৰি পুৱাৰে পৰা সত্ৰ প্ৰাংগণত অধিক আনন্দ উল্লাহেৰে নাৰিকল ভঙা খেলত অংশগ্ৰহণ কৰে গাঁওখনৰ পুৰুষ সকলে ৷ আয়তীৰ নাম প্ৰসংগৰ পিছত আয়তীৰ উৰুলি, শংখ, ডবাৰ ধ্বনি আৰু সংকীৰ্তনেৰে শ্যামৰায় সত্ৰৰ চৌদিশে গোসাঁই ঘূৰোৱা কাৰ্যসূচীত ভাগ লয় গাঁওবাসীয়ে ৷ পৰ্যায়ক্ৰমে নন্দ উৎসৱ আৰু পঁচতি উৎসৱৰ অন্যতম আকৰ্ষণীয় কাৰ্যসূচী দধিমন্থন অনুষ্ঠান উপভোগ কৰে গাঁওখনৰ লগতে নিকটবৰ্তী চতেমাৰী, দৰংগিপাৰা, দাগাপাৰা ইত্যাদি গাঁৱৰ সহস্ৰাধিক লোকে ৷

বোকা পানীত লুতুৰি-পুতুৰি হৈ দধিমন্থন কাৰ্যসূচীত ভাগ লয় গাঁওখনৰ গোপ সকলে ৷ জনবিশ্বাস অনুসৰি দধিমন্থনৰ বোকা-পানী শিৰত ল'লে গোটেই বছৰটোৱে শ্যামৰায় প্ৰভুই মঙ্গল কৰে ভক্তসকলক ৷ পিছত গোপসকলৰ মাজত বাঁহী, ময়ুৰৰ পাখী আৰু বস্ত্ৰ বিতৰণ কৰে উদ্যোক্তাই ৷ পঁচতি উৎসৱৰ পঞ্চম কাৰ্যসূচী অনুসৰি পুতনা বধ কৰা হয় ৷ খেৰ আৰু বাঁহেৰে পুতনা ৰাক্ষসীৰ মূৰ্তি সাঁজি গোপসকলৰ দ্বাৰা পুতনাক ধেনুকাড় মাৰি বধ কৰি মৃত ৰাক্ষসী পুতনাক দাহন কৰে ৷

ব্ৰহ্মপুত্ৰ নৈৰ গৰাখহনীয়াই জুৰুলা কৰা গাঁওবাসীয়ে পোন্ধৰ শতিকাৰ পৰা ভাদ মাহৰ অষ্টমী তিথিৰ দিনা শ্ৰীকৃষ্ণৰ জন্মোৎসৱ উদযাপন কৰি জন্মোৎসৱৰ পাঁচদিন পাছত এই পঁচতি আৰু নন্দ উৎসৱ উলহ-মালহেৰে উদযাপন কৰি অহা বুলি জানিবলৈ দিয়ে লাউপাৰা গাঁও পৰিচালনা সমিতিৰ সভাপতি ভবেন মেধি আৰু সম্পাদক দীপেন্দ্ৰ তালুকদাৰে ৷

বৰক্ষেত্ৰীৰ লাউপাৰাত ঐতিহাসিক পঁচতি উৎসৱ উদযাপন
মন্দিৰ দৰ্শনৰ পাছতেই ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীয়ে ক'লে 'গৰ্বিত হিন্দু' হোৱাৰ অৰ্থ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in