চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা এগৰাকী মহিলাৰ দুৰৱস্থা

চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা এগৰাকী মহিলাৰ দুৰৱস্থা

author-image
Asomiya Pratidin
New Update
চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা এগৰাকী মহিলাৰ দুৰৱস্থা

ডিজিটেল সংবাদ, বৰবৰুৱাঃ দেশে স্বাধীনতা লাভ কৰা ৭৬ টা বছৰ অতিক্ৰম কৰাৰ পিছতো এক জৰাজীৰ্ণ গোহালি সদৃশ পৰিৱেশত জীৱন যাপন বৰবৰুৱা উন্নয়ন খণ্ডৰ অধীনৰ জকাই পঞ্চায়তৰ অন্তৰ্গত ৰঞ্জনা ভূঞা নামৰ এগৰাকী মহিলাই।পঞ্চায়তৰ জনপ্ৰতিনিধিক বাৰম্বাৰ অনুনয় বিনয় কৰাৰ পিছতো আজি পৰ্যন্ত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ এটি ঘৰ কিম্বা কোনো আনকি কোনো চৰকাৰী আঁচনি লাভ কৰিবলৈ সক্ষম হোৱা নাই মহিলা গৰাকীয়ে।

Advertisment

পঞ্চায়তলৈ আঁচনিৰ বাবে প্ৰ-পত্ৰ পূৰণৰ বাবে যাওঁতে ৱাৰ্ড সদস্যই অপ ব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপন কৰাৰো অভিযোগ উত্থাপন কৰিছে মহিলা গৰাকীয়ে।এতিয়া প্ৰশ্ন হয় কোন দিশে এতিয়া প্ৰধান মন্ত্ৰীৰ সম বিকাশ সম উন্নয়নৰ শ্ল'গান।এনে দুৰ্ভগীয়া মহিলাই প্ৰকৃত চৰকাৰী আঁচনি লাভ লাভ কৰিবলৈ সক্ষম হবনে তাক লৈ এক ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে সচেতন মহলত।।

Also Read: আজি মধ্যপ্ৰদেশ আৰু চত্তিশগড়ত নতুন চৰকাৰৰ শপত গ্ৰহণঃ উপস্থিত থাকিব প্ৰধানমন্ত্ৰীসহ জ্যেষ্ঠ নেতা