পলমকৈ বৰাক উপত্যকাত পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা আৰম্ভ

পলমকৈ বৰাক উপত্যকাত পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা আৰম্ভ
  • বৰাক উপত্যকাতো কিছু পলমকৈ পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনাৰ কাম আৰম্ভ।
  • শিলচৰত আৰম্ভ হৈছে ভোটগণনা পৰ্ব।
  • জিলাখনত আছে ২৭টা জিলা পৰিষদৰ আসন।
  • গাঁও পঞ্চায়ত সভাপতি আসনৰ সংখ্যা শিলচৰত ১৬২।
  • শিলচৰত ৱাৰ্ড মেমবাৰৰ সংখ্যা ১,৬২১।
  • কৰিমগঞ্জতো নিৰ্ধাৰিত সময়তকৈ পলমকৈ আৰম্ভ হৈছে ভোটগণনা।
  • মঙলবাৰে পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল পাথাৰকান্দি সমষ্টিৰ আছিমগঞ্জত।
  • ভোটগ্ৰহণৰ পাছতেই কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ কৰ্মীৰ মাজত হৈছিল সংঘৰ্ষ।
  • কৰিমগঞ্জৰ জিলা পৰিষদৰ আসনৰ সংখ্যা ২০।
  • মুঠ গাঁও পঞ্চায়তৰ সংখ্যা ৯৫।
  • ৱাৰ্ড মেম্বাৰৰ সংখ্যা ৯৫০।
  • হাইলাকান্দিতো আৰম্ভ হৈছে ভোটগণনা।
  • জিলা পৰিষদৰ সদস্যৰ সংখ্যা ১১।
  • গাঁও পঞ্চায়তৰ সদস্যৰ সংখ্যা ৫৫।
  • ৱাৰ্ড মেম্বাৰৰ সংখ্যা ৫৫০।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in