সাৱধান ! এই ভুল কৰিলেই হেৰুৱাব বেংকৰ জমা ধন…

সাৱধান ! এই ভুল কৰিলেই হেৰুৱাব বেংকৰ জমা ধন…

Published on

ডিজিটেল সংবাদ নামৰূপঃ ডিজিটেলাইজেশ্বনে বিশ্বখন হাতৰ মুঠিত তুলি দি যিমান সুবিধা কৰিছে  ইয়াৰ বিপৰীতে একাংশ প্ৰৱঞ্চকৰ বাবে ই হৈ পৰিছে ধন ঘটাৰ সুচল পথ।  বিগত কিছুদিন আগলৈকে প্ৰবঞ্চকে সহজ সৰল গ্ৰাহকৰ এ টি এম কাৰ্ড ব্লক হোৱা বুলি গোপনীয় নম্বৰ বিচাৰি গ্ৰাহকৰ একাউণ্টৰ পৰা ধন লুটি সৰ্বসাধাৰণক জুৰুলা কৰিলে । 

প্ৰবঞ্চকৰ  এই কৌশলৰ বিষয়ে গ্ৰাহক সজাগ হোৱাত প্ৰবঞ্চকে এইবাৰ নতুন কৌশল  প্ৰয়োগ কৰি পুনৰ সাধাৰণ ৰাইজক লুটিবলৈ আৰম্ভ কৰিছে। এইবাৰ প্ৰবঞ্চকে  বিদ্যুৎ বিল পৰিশোধ নকৰাৰ বাবে সংযোগ কৰ্তনৰ ভাবুকিৰে   মেচেজ  (text message) পঠিয়াই।  মেচেজটোত উল্লেখ কৰে যে আজি গধূলি ৯.৩০ বজাত  বিদ্যুৎ সংযোগ  কৰ্তন কৰা হব আৰু  অধিক জানিবৰ বাবে 9477367140 -ফোন নম্বৰ এটা দিয়ে।  

লক্ষণীয় ভাবে নামৰূপৰ বহু লোকে উক্ত মেচেজটো লাভ কৰিছে। আনহাতে বিদ্যুৎ সংযোগ কৰ্তন কৰাৰ ভয়ত বহু জনে মেছেজত দিয়া ফোন নম্বৰলৈ ফোন কৰে। ফোনত সিফালৰ পৰা অহা উত্তৰত পূৰ্বৰ বিলখন গ্ৰাহক নিজেই  নৱীকৰণৰ কৰাবলৈ  নিৰ্দেশ দি প্ৰথমে quick support app  ইনষ্টল কৰিবলৈ নিৰ্দেশ দিয়ে।  ইয়াৰ পিছতে  recharge cube  চাইটটো খুলি বিদ্যুৎ বিলত থকা ফোন নম্বৰটো  ভৰাবলৈ দিয়ে । 

ইয়াৰ পিছতে নিজৰ বেংক একাউন্টৰ ক্ৰেডিট কাৰ্ড অথবা ডেবিদ কাৰ্ডৰ যোগেদি ১০ টকা  ৰিচার্জ কৰিবলৈ নিৰ্দেশ দিয়ে।  গ্ৰাহকে মাত্ৰ দহ টকা ৰিচার্জ কৰে মানে সিফালে প্ৰবঞ্চকে উক্ত গ্ৰাহকজনৰ বেংক একাউণ্টৰ সমূদায় ধন লুটি লয়। 

আশ্বৰ্য জনক যে গ্ৰাহক জনে পঠোৱা দহ টকাটো সহ একাউন্টত থকা সমুদায় ধন  ANI Technologies Private Ltd Bangalore  নামত  লেনদেন হোৱাৰ মেচেজ গ্ৰাহক জনৰ মোবাইল ফোনত আহিছে বুলি জালত পৰা নামৰূপৰ এগৰাকী ভুক্তভোগীয়ে জানিবলৈ দিছে।

শেহতীয়া ভাবে এনে  প্ৰবঞ্চকৰ নতুন জালত পৰি নামৰূপ বহুজন সৰ্বশ্ৰান্ত হোৱাৰ কথাও জানিব পৰা গৈছে। লক্ষণীয় যে  দেশ কাৰিকৰী দিশত ক্ষীপ্ৰতাৰে আগবঢ়াৰ পিছতো প্ৰশাসনে  এনে প্ৰবঞ্চক ,হেকাৰৰ বিৰুদ্ধে   কোনো বিহিত ব্যৱস্থা  গ্ৰহণ কৰি জনসাধাৰণৰ কষ্টৰ  জমা ধনক সুৰক্ষা দিব নোৱাৰাটো লজ্জাজনক  হিচাপে  চিহ্নিত হৈছে।

X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in