/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/illegal-bangladeshis-immigrants-new.jpg)
প্ৰতীকি ফটো
ডিজিটেল সংবাদ, গহপুৰঃ চুবুৰীয়া ৰাজ্য অৰুণাচল, মেঘালয় আৰু নগালেণ্ডৰ পৰা অসমত আহি প্ৰবেশ কৰিছেহি সন্দেহযুক্ত নাগৰিক। এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ পাছতেই অসমত থকা সন্দেহজনক নাগৰিক চুবুৰীয়া ৰাজ্যসমূহত প্ৰৱেশৰ সন্দেহ কৰি ৰাজ্যসমূহৰ আৰক্ষী আৰু জাতীয় দল-সংগঠনে ব্যাপক তালাচী অভিযান চলাইছিল।
অৰুণাচলৰ 'ক্লীন অৰুণাচল' অভিযান হাতত লৈছিল অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাই। ১৭ আগষ্টৰ পৰা চলোৱা 'ক্লীন অৰুণাচল' অভিযানত আপছুৱে ৩৫হাজাৰ সন্দেহযুক্ত নাগৰকিক আটক কৰি এৰি দিছিল অসমত।
সমান্তৰালভাৱে আপছুৰ সভাপতি হাৱা ৱাগাঙে এক সংবাদমেল পাতি জানিবলৈ দিছিল যে, ৰাজ্যখনৰ পৰা পলায়ন কৰিছে ১লাখৰো অধিক সন্দেহজনক লোকে। চুবুৰীয়া ৰাজ্যখনৰ পৰা সন্ধানহীন হোৱা এইসকল নাগৰিকে অসমত প্ৰৱেশ কৰিছে যদিও ইয়াক লৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৰাজ্যৰ প্ৰশাসনে।
অসমৰ সৈতে কোনো সম্পৰ্ক নথকা আৰু চুবুৰীয়া ৰাজ্যৰ পৰা সন্দেহজনক নাগৰিক বুলি খেদি পঠিওৱা প্ৰায় ডেৰ লাখ লোক কেৱল অৰুণাচলৰ পৰাই আহি অসমত প্ৰৱেশ কৰাৰ পাছতো গা লৰা নাই ৰাজ্য চৰকাৰৰ। এন আৰ চিত নাম নথকা এইসকল লোকৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে যি তৎপৰতা দেখুৱাব লাগিছিল সেয়া গ্ৰহণ নকৰাত সন্দেহজনক এই নাগৰিকসকলৰ বাবে পুনৰ চৰণীয়া পথাৰ হৈ পৰিছে অসম।
আনহাতে, এন আৰ চি প্ৰকাশৰ দুদিনৰ পাছতেই মেঘালয়েও আৰক্ষীৰ সহযোগত ৰাজ্যখনত সন্দেহযুক্ত নাগৰিকে প্ৰৱেশ কৰিব পৰা স্থানসমূহত তালাচী অভিযান চলোৱাৰ লগতে তেওঁলোকৰ নাগৰিকত্ব প্ৰমাণপত্ৰ পৰীক্ষা কৰিছিল। অনুৰূপ ধৰণে অসম-নগালেণ্ড সীমান্ততো সন্দেহযুক্ত নাগৰিকে যেন ৰাজ্যত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে বিশেষ তালাচী চকী স্থাপন কৰিছিল নগালেণ্ড চৰকাৰে।
চুবুৰীয়া ৰাজ্যসমূহৰ এই তৎপৰতাৰ বিপৰীতে এন আৰ চি প্ৰকাশ কৰাৰ পাছতেই সন্দেহযুক্ত নাগৰকিক লৈ এক প্ৰকাৰ হাত সাৱতি বহি আছে অসম চৰকাৰ তথা অসম আৰক্ষী। গহপুৰ-অৰুণাচল সংযোগী পথত থকা ৰাজগড় হেলেঙী সীমান্তৱৰ্তি অঞ্চলটোত অৰুণাচলৰ পৰা বিতাড়িত বহু লোকক দেখা পোৱা গৈছিল যদিও সেইসকল ক'ত গ'ল সেই তথ্য নাই আৰক্ষীৰ হাতত।
লক্ষণীয় কথাটো হ'ল, উক্ত স্থানত অৰুণাচলৰ সীমান্তত তালাচী চকী আছে যদিও, অসমৰ ফালে নাই কোনো সীমান্ত তালাচী চকী। সেয়েহে বিনা বাধাই অৰুণাচলৰ পৰা আহি এই পথেৰেই অসম সোমাবহি পাৰে সন্দেহযুক্ত নাগৰিক। ১৯৮৮চনত সেই স্থানত এখন তালাচী চকী আছিল যদিও, এতিয়া সেয়া গৰুৰ গোহালী সদৃশ হৈ পৰিত্যক্ত হৈ আছে।
অৰুণাচলৰ পৰা বিতাড়িত আৰু পলায়ন কৰা সন্দেহযুক্ত প্ৰায় ডেৰ লাখ লোক এতিয়া অসমৰ ভূমিত প্ৰৱেশ কৰাৰ পাছতো নিমাতে আছে দল-সংগঠন। একমাত্ৰ প্ৰফুল্ল কুমাৰ মহন্তই বিষয়টোক লৈ কিছু সৰৱ হৈছে যদিও, অসম চৰকাৰৰ লগতে জাতীয় দল-সংগঠনৰ নেতৃত্বৰ মুখত ইয়াক লৈ নাই এষাৰো মাত।