শিক্ষা বঁটা প্ৰাপক খ্ৰৌমসাৰ বসুমতাৰীক কেইবাটাও সংগঠনৰ সম্বৰ্ধনা

শিক্ষা বঁটা প্ৰাপক খ্ৰৌমসাৰ বসুমতাৰীক কেইবাটাও সংগঠনৰ সম্বৰ্ধনা

author-image
Asomiya Pratidin
New Update
শিক্ষা বঁটা প্ৰাপক খ্ৰৌমসাৰ বসুমতাৰীক কেইবাটাও সংগঠনৰ সম্বৰ্ধনা

ডিজিটেল সংবাদ,বৰমাঃ বাক্সা জিলাৰ বৰমাৰ শিক্ষক খ্ৰৌমসাৰ বসুমতাৰীক ৰাজস্থানৰ জয়পুৰৰ Hypedge Media and Promotions Pvt.Ltd য়ে এই বৰ্ষৰ "ইণ্ডিয়ান ইডুকেছন এৱাৰ্ড, ২০২৩" দিয়াৰ সিদ্ধান্ত লৈছে। এই বাতৰি প্ৰচাৰ হোৱাৰ পিছতেই বসুমতাৰীক শিক্ষক, সাহিত্যিক , জাতীয় সংগঠনৰ বিষয়ববীয়া তথা বিভিন্ন জনে শুভেচ্ছা জ্ঞাপন কৰিছে।

Advertisment

শনিবাৰে তেওঁৰ বৰমাস্থিত বাসগৃহত বাক্সা জিলা নিখিল বড়ো ছাত্ৰ সন্থা, বৰমা আঞ্চলিক সদৌ বড়ো সাংস্কৃতিক সন্থা, বৰমা আঞ্চলিক নিখিল বড়ো মহিলা কল্যাণ সমিতি, বৰমা আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থা আৰু বৰমা প্ৰাথমিক বড়ো সাহিত্য সভাৰ সম্পাদক গণপতি স্বৌৰাং বড়োই উপস্থিত হৈ এখনকৈ আৰোনাইৰে সম্বৰ্ধনা জনায়।

আনহাতে বিটিআৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়ো, বিধায়ক লৰেঞ্চ ইচলাৰী, বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়ো আৰু বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তৰেন বড়ো আদিয়েও সামাজিক মাধ্যমৰ জৰিয়তে শুভেচ্ছা জ্ঞাপন কৰিছে বুলি জানিব পৰা গৈছে।

Also Read: ডিমা হাছাওত ১৭০ গৰাকী ডিএনএলএ সদস্যৰ আত্মসমৰ্পণ