ডিটেনশ্যন কেম্পত বন্দী বাক্সাৰ কদম আলীৰ পৰিয়ালৰ কাষত মানৱাধিকাৰ কৰ্মী…

ডিটেনশ্যন কেম্পত বন্দী বাক্সাৰ কদম আলীৰ পৰিয়ালৰ কাষত মানৱাধিকাৰ কৰ্মী…

author-image
asomiyapratidin
New Update
ডিটেনশ্যন কেম্পত বন্দী বাক্সাৰ কদম আলীৰ পৰিয়ালৰ কাষত মানৱাধিকাৰ কৰ্মী…

ডিজিটেল সংবাদ, শালবাৰীঃ গোৱালপাৰাৰ ডিটেনশ্যন কেম্পত বন্দীত্বৰ জীৱন কটাই থকা বাক্সা জিলাৰ শালবাৰীৰ গোৱৰ্দ্ধনা আৰক্ষী থানাৰ নিচেই কাষৰ কদম আলীৰ পৰিয়ালৰ ওচৰত থিয় হ'ল মানৱাধিকাৰ কৰ্মী তথা এপিআইচিআৰৰ সাধাৰণ সম্পাদক সাজাহান আলী আহমেদ৷ বিগত প্ৰায় আঢ়ৈ বছৰে গোৱালপাৰা ডিটেনশ্যন কেম্পত বন্দী হৈ আছে গোৱৰ্দ্ধনাৰ দৰিদ্ৰ পৰিয়ালৰ কদম আলী৷ ফলত তেওঁৰ বৃদ্ধ পিতৃ-মাতৃ, পত্নী আৰু চাৰি সন্তানসহ মুঠ ৭ জনীয়া পৰিয়ালটো সৰ্বহাৰা হৈ পৰিছে৷

Advertisment

পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী কদম আলী ডিটেনশ্যন কেম্পত বন্দী হোৱা বাবে পৰিয়ালটোৰ আলৈ আথানি নোহোৱা হৈ পৰিছে৷ পিতৃ-মাতৃৰ একমাত্ৰ পুত্ৰ কদম আলীয়ে কঠোৰ পৰিশ্ৰমৰ বলত প্ৰায় ১০ বিঘা মাটি বন্ধকত লৈ খেতি বাতি কৰি পৰিয়াল পোহপাল দি আহিছিল৷ কিন্তু বিদেশী ন্যায়াধীকৰণৰ জাননীমৰ্মে ৩৪৪/২০১৫ নম্বৰৰ গোচৰত ২০১৬ চনৰ এক আগষ্টত তেওঁক ভাৰতীয় হোৱাৰ সকলো প্ৰমাণ লিখিত ৰূপত জমা দিয়া স্বত্বেও বিদেশী হিচাপে ঘোষণা কৰি গোৱালপাৰা ডিটেনশ্যন কেম্পত বন্দী কৰি ৰখা হয়৷

সৰ্বহাৰা কদম আলীৰ পৰিয়ালৰ বেদনা ভৰা কাহিনী জানিব পাৰি মানৱাধিকাৰ কৰ্মী, ইউটিউবাৰ তথা ডি ভোটাৰসকলৰ দ্বাৰা গঠন কৰা এপিআইচিআৰৰ সম্পাদক সাজাহান আলী আহমেদে ১৯ মে'ত ইউটিউবত উক্ত পৰিয়ালৰ এটা ভিডিঅ বনাই প্ৰচাৰ কৰে আৰু পৰিয়ালটোক সহায় কৰাৰ বাবে ৰাইজৰ ওচৰত আহ্বান জনায়৷

সেই মৰ্মে প্ৰায় ১০ হাজাৰ টকা সংগ্ৰহ হোৱাত সাজাহান আলী আহমেদৰ নেতৃত্বত আমছু, এবিএমছুৰ কৰ্মী আৰু ৰাইজৰ উপস্থিতিত কালি পৰিয়ালটোক উক্ত আৰ্থিক সাহায্য প্ৰদান কৰা হয়৷ আৰ্থিক অনুদান প্ৰদান কৰি আহমেদে সাংবাদিকক জানিবলৈ দিয়ে যে কদম আলীৰ গোচৰ প্ৰয়োজন সাপেক্ষে উচ্চতম ন্যায়ালয়লৈ লৈ যোৱাৰ বাবে এপিআইচিআৰে সমস্ত দায়িত্ব গ্ৰহণ কৰিব৷