Advertisment

বাইহাটা চাৰিআলী আৰক্ষী থানাৰ সমীপত বাগৰি পৰিল প্ৰকাণ্ড গছ, সৃষ্টি তীব্ৰ যান-জঁট…

বাইহাটা চাৰিআলী আৰক্ষী থানাৰ সমীপত বাগৰি পৰিল প্ৰকাণ্ড গছ, সৃষ্টি তীব্ৰ যান-জঁট...কামৰূপ জিলাৰ বাইহাটা চাৰিআলী আৰক্ষী থানাৰ সমীপত মঙলবাৰে

author-image
asomiyapratidin
New Update
বাইহাটা চাৰিআলী আৰক্ষী থানাৰ সমীপত বাগৰি পৰিল প্ৰকাণ্ড গছ, সৃষ্টি তীব্ৰ যান-জঁট…

ডিজিটেল সংবাদ, দুমুনিচকী: কামৰূপ জিলাৰ বাইহাটা চাৰিআলী আৰক্ষী থানাৰ সমীপত মঙলবাৰে নিশা প্ৰায় ৮.৩০ বজাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এডাল প্ৰকাণ্ড মজ গছ উভালি পৰে। উভালি পৰা গছডালত লাগি উচ্চ ক্ষমতা সম্পন্ন বৈদ্যুতিক তাঁৰৰ একাংশ ছিঙি যোৱাৰ লগতে আন একাংশ তাঁৰ বিদ্যুতৰ খুটাসহ গছডালত লাগি হালি পৰে। অৱশ্যে সেই সময়ত বৈদ্যুতিক তাঁৰ সমুহত বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ পৰাত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে।

Advertisment

পঢ়িবলৈ ক্লিক কৰকঃ অসমত পুনৰ ৩৯৪৮জন কোভিড পজিটিভ, ৪৩জনে হেৰুৱাইছে প্ৰাণ…

ইফালে, ঘটনা সন্দৰ্ভত স্থানীয় লোকে প্ৰকাশ কৰা অনুসৰি যোৱা তিনিদিনে অঞ্চলটোত হৈ থকা ছেগা-চোৰোকা বৰষুণৰ বাবে গছৰ গুৰিৰ মাটি সেমেকি উঠাৰ ফলতে প্ৰকাণ্ড গছডাল অতি ব্যস্ত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে উভালি পৰে। প্ৰত্যক্ষদৰ্শী লোকে জনোৱা অনুসৰি গছডাল উভালি পৰিব ধৰা সময়তে এখন মাছ কঢ়িয়াই অনা ট্ৰাক তলেৰে পাৰ হৈ যায় যদিও ট্ৰাক খন সৌভাগ্যক্ৰমে ৰক্ষা পৰে।

গছডাল ৰাষ্ট্ৰীয় ঘাইপথটোত উভালি পৰাত মুহুৰ্তৰ ভিতৰতে পথটোৰে যাতায়ত সেৱা বন্ধ হৈ পৰি যান-বাহনবোৰ প্ৰায় ডেৰ কিঃমিঃ পথলৈকে যান-জঁটত আবদ্ধ হৈ থাকে। ফলত বাইহাটা চাৰিআলি আৰক্ষীৰ সহযোগত বিদ্যুত কৰ্মীয়ে ততাতৈয়াকৈ গছডাল কাটি পথটো মোকলাই পেলোৱাত নিশা প্ৰায় ১০.১৫ বজাত ৰাষ্ট্ৰীয় ঘাইপথৰে যান-বাহনৰ চলাচল স্বাভাৱিক হৈ পৰে।