/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/10/ed4efb41-22be-40af-82d7-9499653e0fd7.jpg)
ডিজিটেল ডেস্কঃ বাহনা সৰ্বোদয় সাংস্কৃতিক সংঘত, বাহনা কেন্দ্ৰীয় জন্মোৎসৱৰ প্ৰয়াত ৰাজেন্দ্ৰ নাথ দত্ত সোঁৱৰণী অনুষ্ঠানত উন্মোচন কৰা হয় জিতেন কুমাৰ নাথৰ "ৰঙাচাহীৰ ৰঙ্গভুমি" নামৰ গ্ৰন্থখন। গ্ৰন্থখন উন্মোচন কৰে বাহনা অঞ্চলৰ জ্যেষ্ঠ ব্যক্তি বিনীত বৰাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/10/cf3fb962-714b-4f58-93d9-2032ab4545f2-1024x636.jpg)
গ্ৰন্থখনিত লেখকে বিশ্বৰ বৃহত্তম নদীদ্বীপ মাজুলীৰ ৰঙাচাহী গাঁৱত জন্মলাভ কৰাৰ পৰা লাভ কৰা বিভিন্ন অনুভৱ তথা অভিজ্ঞতাৰ বিষয়ে সন্নিৱিষ্ট কৰিছে। তদুপৰি মানৰ সময়ৰে পৰা এতিয়ালৈকে মাজুলী তথা ৰঙাচাহী গাঁৱৰ শৈক্ষিক, সামাজিক, সাংস্কৃতিক, প্ৰাকৃতিক আৰু ভৌগোলিক ইত্যাদি পৰিৱেশৰ এক দৃশ্য পাঠকৰ বাবে আগবঢ়াইছে জিতেন কুমাৰ নাথে। উল্লেখ্য যে, গ্ৰন্থখন প্ৰকাশ কৰিছে সংস্কৃতি প্ৰকাশনে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/10/ed4efb41-22be-40af-82d7-9499653e0fd7-1024x713.jpg)