/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-21/8efricq9/web-5.png)
ডিজিটেল সংবাদ,বিশ্বনাথঃ বাঘমাৰী চাহ বাগিছাত প্ৰতিবছৰে কালি পূজাৰ সময়ত ২০% বোনাচ দি আহিছে বাগিছা কৰ্তৃপক্ষই। কিন্তু এইবছৰ ১২% বোনাচ দিয়া লৈ ক্ষুব্ধ হৈ পৰে বাগিছাৰ শ্ৰমিক সকল l আজি বাঘমাৰী চাহ বাগিছাৰ শ্ৰমিক সকল একগোট হৈ কৰ্ম বিৰতি পালন কৰি বাগিছা কৰ্তৃপক্ষৰ বিৰুদ্ধে সোচ্ছাৰ হৈ উঠে আৰু ২০% বোনাচ লাগিবই বুলি দাবী কৰে l
ইফালে একাংশ শ্ৰমিকৰ ACMS ৰ ভূমিকাত ক্ষুব্ধ হৈ শ্ৰমিক সকলে কয় যে, চৰকাৰে আমাক ২০% বোনাচ ঘোষণা কৰিছে গতিকে আমাক লাগিবই অন্যথা আমি বাগিছাত কাম নকৰো l আনহাতে বাগিছা কৰ্তৃপক্ষই শ্ৰমিক সকলক জনাই যে এইবাৰ বাগিছাৰ অধিকাংশ চাহ গছেই জ্বলি যোৱাৰ বাবে লোকচানৰ সন্মুখীন হৈছিল।
সেয়েহে এইবাৰ ২০% ৰ পৰিৱৰ্তে ১২% বোনাচ দিব পাৰিব বুলি শ্ৰমিক সকলক জানিবলৈ দিয়ে lকিন্তু শ্ৰমিক সকল কোনো কাৰণতে ১২% বোনাচ নলয় বুলি সকিয়াই দিয়ে আৰু কৰ্মবিৰতি পালন কৰে।
Also Read: জয়ন্ত বৰাক কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰদানৰ বিৰুদ্ধে বাঘমাৰীৰ সংখ্যালঘু লোকৰ প্ৰতিবাদ