মিত্ৰতা? হোজাইত বিবাহ অনুষ্ঠানত ৰিপুন-আজমলে পাতিলে কথা… চাওঁক VIDEO

মিত্ৰতা? হোজাইত বিবাহ অনুষ্ঠানত ৰিপুন-আজমলে পাতিলে কথা… চাওঁক VIDEO

author-image
asomiyapratidin
New Update
মিত্ৰতা? হোজাইত বিবাহ অনুষ্ঠানত ৰিপুন-আজমলে পাতিলে কথা… চাওঁক VIDEO

ডিজিটেল ডেস্কঃ পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ৰাজ্যৰ ৰাজনীতিত এতিয়া মিত্ৰতাক লৈ সৃষ্টি হৈছে নতুন সমীকৰণ। অগপ-বিজেপিয়ে ৰাজ্যিক পৰ্যায়ত মিত্ৰতা অক্ষুণ্ণ ৰাখিলেও পঞ্চায়ত নিৰ্বাচন একেলগে নেখেলাৰ আনুষ্ঠানিক সিদ্ধান্ত গ্ৰহণ কৰিলে। ইয়াৰ বিপৰীতে কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মাজত মিত্ৰতাক লৈ চলিছে সৰৱ চৰ্চা। দুদিন মানৰ পূৰ্বেই নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ বিজেপিক ৰোধিবৰ বাবে কংগ্ৰেছৰ গত্যন্ত নাই বুলি ঘোষণা কৰি কংগ্ৰেছলৈ মিত্ৰতাৰ হাত আগবঢ়াই দিছিল এ আই ইউ ়ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলে।

Advertisment

কংগ্ৰেছৰ একাংশ নেতাই সেই মিত্ৰতা সম্ভৱ নহয় বুলি মন্তব্য কৰিলেও, 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কৰ হাতত আহি পৰিছে এক বিশেষ ভিডিঅ'। দেওবাৰে হোজাইত অতি কৌশলপূৰ্ণ ভাৱে বিবাহ অভ্যৰ্থনা অনুষ্ঠানত উপস্থিত হৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ সৈতে মিলিত হ'ল এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমল।

হোজাইৰ প্ৰতিষ্ঠিত অগৰ ব্যৱসায়ী আনফৰ আলীৰ ঘৰত অনুষ্ঠিত এই বিবাহ অনুষ্ঠানত উপস্থিত থকাৰ আচিলাৰে দুয়ো মিত্ৰতা সন্দৰ্ভত প্ৰাথমিক কথা-বতৰা কৰা বুলিও চৰ্চা হৈছে। চাওঁক সেই বদৰুদ্দিন আজমল আৰু ৰিপুন বৰা একেলগে সেই বিবাহ অনুষ্ঠানত উপস্থিত থকা ভিডিঅ'-