শ্ৰীলংকাৰ পৰা ভাৰতলৈ সাঁতোৰিবলৈ সাজু অসমৰ দুই গুৰু-শিষ্যঃ সৃষ্টি হ’ব ইতিহাস….

শ্ৰীলংকাৰ পৰা ভাৰতলৈ সাঁতোৰিবলৈ সাজু অসমৰ দুই গুৰু-শিষ্যঃ সৃষ্টি হ’ব ইতিহাস….

author-image
asomiyapratidin
New Update
শ্ৰীলংকাৰ পৰা ভাৰতলৈ সাঁতোৰিবলৈ সাজু অসমৰ দুই গুৰু-শিষ্যঃ সৃষ্টি হ’ব ইতিহাস….

ডিজিটেল ডেস্কঃ ইতিহাস গঢ়াৰ দিশে অসমৰ দুই গুৰু শিষ্য। শ্ৰীলংকাৰ পৰা ভাৰতলৈ ভাৰত মহাসাগৰেদি এক দুঃসাহসকি অভিযানত অংশল'ব এই দুই গুৰু শিষ্যই। ক্ৰীড়া প্ৰাধিকৰণ অসমৰ প্ৰশিক্ষক বাবুল গুৰুঙ আৰু তেওঁৰ প্ৰশিক্ষণ প্ৰদান কৰা কস্তুৰী গগৈয়ে গীনিছ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত নিজৰ নাম অন্তৰ্ভুক্তৰ বাবে এই দুঃসাহসিক অভিযান আৰম্ভ কৰিব।

Advertisment

২৯ মাৰ্চ, মঙ্গলবাৰে সন্ধিয়া শ্ৰীলংকাৰ কলম্বোৰ পৰা বাবুল আৰু কস্তুৰীয়ে এই দুঃসাহসিক অভিযান আৰম্ভ কৰিব। কলম্বোৰ পৰা ভাৰত মহাসাগৰৰ মাজেৰে প্ৰায় ১১০ কিলোমিটাৰ সাঁতোৰি দুয়ো ৩০ মাৰ্চ বুধবাৰে সন্ধিয়া তামিলনাডুত আহি উপস্থিত হ'ব।

দুয়োৰে এই দুঃসাহসিক অভিযানৰ সময়ত ভাৰতীয় নৌসেনা আৰু শ্ৰীলংকাৰ নৌসেনাই সহযোগিতা আগবঢ়াব। ইয়াৰ উপৰিও দুয়ো সন্তৰনবিদক সৰ্বভাৰতীয় ছুইমিং ফেডাৰেচনেও সহযোগিতা আগবঢ়াব। উল্লেখ্যে যে এইদৰে শ্ৰীলংকাৰ পৰা ভাৰতলৈ ভাৰত মহাসাগাৰ সাঁতোৰা বাবুল আৰু কস্তুৰীয়েই উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম সন্তৰনবিদ।

ক্ৰীড়া প্ৰাধিকৰণ অসমৰ প্ৰশিক্ষক বাবুল গুৰুঙ আৰু তেওঁৰ শিষ্য কস্তুৰী গগৈৰ এই দুঃসাহসিক অভিযানৰ বাবে অসম সাঁতোৰ সন্থাৰ লগতে অসম চৰকাৰৰ ক্ৰীড়া বিভাগে সহযোগিতা আগবঢ়াইছে। দুয়োগৰাকীৰ এই অভিযানৰ সফলতা কামনা কৰিছে অসম সাঁতোৰ সন্থাৰ সভাপতি, সম্পাদককে প্ৰমুখ্য কৰি সন্থাৰ বিষয়ববীয়াসকলে।