/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/MATHURAPUR-1.jpg)
ডিজিটেল সংবাদ চৰাইদেউঃ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে সমগ্ৰ দেশত আৰম্ভ হ'ল স্বাধীনতাৰ অমৃত মহোৎসৱ। এই স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি আজি চৰাইদেউ মথুৰাপুৰত চুকাফা গাঁও পঞ্চায়ত আৰু এক শোভাযাত্ৰা উলিয়াই।
পুৱা গাঁও পঞ্চায়টোৰ শতাধিক পুৰুষ-মহিলা তথা বাৰ্ড মেম্বাৰ অংশ গ্ৰহণেৰে অনুষ্ঠিত শোভাযাত্ৰাত মথুৰাপুৰ পৰা আৰম্ভ কৰি মথুৰাপুৰ চাহ বাগিচাৰ মাজেৰে গৈ বাউলি পুখুৰী অঞ্চলত প্ৰবেশ কৰে পঞ্চায়ত কাৰ্যালয়ত সামৰণি পৰে ।
উল্লেখ্য যে শোভাযাত্ৰাত অংশ গ্ৰহণ কৰা সমদলকাৰী সকলে "বন্দে মাতৰম্, ভাৰত মাতা কি জয়" আদি দেশপ্ৰেম মূলক শ্লোগানেৰে আকাশ বতাহ মুখৰিত কৰি তোলে।