/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/dhuburi-13.jpg)
ডিজিটেল সংবাদ ধুবুৰীঃ 'আজাদী কা অমৃত মহোৎসৱ' কাৰ্য্যসূচীৰ সৈতে সংগতি ৰাখি আজি ধুবুৰী জিলাৰ ভাৰত–বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাৰৰ সিপাৰে থকা ভোগডাংগাত ৰাজ্য চৰকাৰৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ণ বিভাগৰ উদ্যোগত আৰু সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ ধুবুৰী জিলা সমিতিৰ সহযোগত অনুষ্ঠিত হয় এক বিশেষ কাৰ্য্যক্ৰম। প্ৰচণ্ড বৰষুণকো নেওচি অঞ্চলটোৰ ভোগডাংগা আৰু ফেশকাৰকুটি গাঁৱৰ স্থানীয় ৰাইজ আৰু স্কুলীয়া ছাত্ৰ–ছাত্ৰীৰ পাৰভঙা উৎসাহৰ মাজেৰে অনুষ্ঠিত হয় এই বিশেষ কাৰ্য্যক্ৰম।
ধুবুৰী জিলাৰ উপায়ুক্ত অন্বামুথন এম পি, আৰক্ষী অধীক্ষক অভিজত গুৰাৱ, জিলাখনৰ উন্নয়ন আয়ুক্ত কান্তা দাস আৰু সীমান্ত সুৰক্ষা আৰু উন্নয়ণ বিভাগৰ গৱেষণা বিষয়া মঞ্জুলা বৰদলৈয়ে ভোগডাঙা গাঁৱৰ ৭০৮ নং ভোগডাঙা এল পি স্কুল প্ৰাংগনত গছপুলি ৰোপন কৰি আজিৰ সেই কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে। ইয়াৰ পিছতে ৰাজবংশী সম্প্ৰদায়ৰ গোৱালিনী নৃত্যৰে বিশিষ্ট অতিথিসকলক বিদ্যালয়খনৰ প্ৰাংগনৰ অস্থায়ী সভাথলীলৈ আদৰি নিয়াৰ পিছত আৰম্ভ হয় মূল কাৰ্য্যসূচী।
সভাখনত জিলা উপায়ুক্ত অন্বামুথন এম পিয়ে নিজৰ বক্তব্যত গাওঁদুখনৰ বিভিন্ন সমস্যাৰ সমাধান কৰাৰ আশ্বাস দিয়াৰ উপৰিও ভোগডাংগা আৰু ফেশকাৰকুটি গাওঁ সংযোগী পথত থকা জৰাজীৰ্ণ দলংখনৰ ঠাইত নতুনকৈ এখন কাঠৰ দলং নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হোৱা বুলি অৱগত কৰে। গাওঁ দুখনৰ ৰাইজক 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্য্যসূচী সফল কৰাৰ বাবেও আহ্বান জনায় জিলা উপায়ুক্তগৰাকীয়ে।
ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনেৰে আজিৰ কাৰ্য্যসূচীৰ অন্ত পৰে। সভাখনত ধুবুৰী জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰোজী ৰাণী শৰ্মা, বিএছএফৰ কেডাৰ বিঅ'পিৰ কোম্পানী কমাণ্ডাৰকে ধৰি বি এছ এফ আৰু আৰক্ষীৰ অন্যান্য বিষয়াবৰ্গ, সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ ধুবুৰী জিলাৰ কাৰ্য্যকৰ্তা আৰু স্থানীয় ৰাইজ উপস্থিত আছিল।