Advertisment

চিপাহী বিদ্ৰোহৰ স্মৃতি স্তম্ভ, ছহিদ কুশল কোৱৰৰ বাসভৱনত পতাকা উত্তোলন…

চিপাহী বিদ্ৰোহৰ স্মৃতি স্তম্ভ, ছহিদ কুশল কোৱৰৰ বাসভৱনত পতাকা উত্তোলন…

author-image
asomiyapratidin
New Update
চিপাহী বিদ্ৰোহৰ স্মৃতি স্তম্ভ, ছহিদ কুশল কোৱৰৰ বাসভৱনত পতাকা উত্তোলন…

ডিজিটেল সংবাদ গোলাঘাটঃ ভাৰতৰ ৭৫ বছৰীয়া স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপনৰ কাৰ্যসূচীৰ আজি পাতনি মেলা হয় ঐতিহাসিক নোগোৰা গাঁৱত। উল্লেখযোগ্য যে, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰথমখন ৰণ বুলি অভিহিত হোৱা ১৮৫৭ চনৰ ২৯ আগষ্টত এই নোগোৰা গাঁৱতেই সূচনা হৈছিল।

Advertisment

আজি নোগোৰাস্থিত চিপাহী বিদ্ৰোহৰ স্মৃতি স্তম্ভ আৰু ধনশিৰী মহকুমাৰ গন্ধকৰৈ গাঁৱত থকা স্বাধীনতা সংগ্ৰামী ছহিদ কুশল কোঁৱৰৰ বাসভৱনত ৰাষ্ট্ৰীয় পতাকা উত্তোলন আৰু পুষ্পাঞ্জলী তৰ্পনেৰে স্বাধীনতাৰ অমৃত মহোৎসৱৰ পাতনি মেলা হয়। চিপাহী বিদ্ৰোহৰ স্মৃতি স্তম্ভৰ সন্মুখত পতাকা উত্তোলন আৰু পুস্পাঞ্জলী তৰ্পণ কৰে জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই ।

চিপাহী বিদ্ৰোহৰ স্মৃতি বিজড়িত এই স্থানৰ সৈতে জড়িত আছে স্বাধীনতা আন্দোলনত গোলাঘাট জিলাৰ মুক্তিযুঁজাৰুসকলৰ অপৰিসীম অৱদান, ত্যাগ আৰু দেশপ্ৰেমৰ অলেখ কাহিনী । আজিৰ কাৰ্যসূচীত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, অতিৰিক্ত উপায়ুক্ত ড০ সংগীতা বৰঠাকুৰৰ লগতে জিলা প্ৰশাসনৰ বিষয়া, কৰ্মচাৰী, চি আৰ পি এফৰ কমাণ্ডাৰকে ধৰি মুক্তিযুঁজাৰুৰ পৰিয়াল, কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আৰু স্থানীয় ৰাইজ উপস্থিত আছিল ।

এই অনুষ্ঠানত পূৰ্ণ সহযোগিতা আগবঢ়াই নোগোৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ কৰ্তৃপক্ষৰ লগতে শিক্ষক শিক্ষয়িত্ৰী ছাত্র-ছাত্ৰীসকলে । অন্যহাতে গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ গন্ধকৰৈ গাঁৱত থকা স্বাধীনতা সংগ্ৰামী ছহিদ কুশল কোঁৱৰৰ বাসগৃহত জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ লগতে মহকুমাধিপতি দিনছেংফা বৰুৱা আৰু প্ৰশাসনৰ আন বিষয়ববীয়াসকলে ছহিদগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰে।

যোৰহাট কাৰাগাৰৰ কাৰাবন্দীসকলে প্ৰস্তুত কৰা ৰাষ্ট্ৰীয় পতাকা চি আৰ পি এফৰ জোৱানসকলে সসন্মানে কঢ়িয়াই আনে। আজিৰ কাৰ্যসূচীত ছহিদ কুশল কোঁৱৰৰ পৰিয়ালৰ লোক, মুক্তিযুঁজাৰুৰ পৰিয়াল, কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আৰু স্থানীয় ৰাইজ উপস্থিত আছিল ।

অন্যহাতে গোলাঘাট পৌৰসভাই অনুস্থিত কৰা অমৃত সৰোবৰ উৎসৱৰ দ্বাৰ উদঘাটন কৰে পৌৰপতি দুলুমনি বৰবৰাই আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত অনুস্থিত বিভিন্ন প্ৰতিযোগিতা মুকলি কৰে পৌৰসভাৰ কাৰ্যবাহী বিষয়া ড০ সংগীতা বৰঠাকুৰে । ইয়াৰ উপৰিও ঘৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী আজি জিলাখনৰ সমূহ শিক্ষানুষ্ঠান, কাৰ্যালয়ৰ উপৰিও গোলাঘাটৰ চহৰ ,নগৰ, গাওঁ ,চাহ বাগিচা আদি সকলোতে পালন কৰে ।