নুনমাটিৰ অসম জাতীয় বিদ্যালয়ত আন্তঃজাতীয় বিদ্যালয় তৰ্ক প্ৰতিযোগিতা

নুনমাটিৰ অসম জাতীয় বিদ্যালয়ত আন্তঃজাতীয় বিদ্যালয় তৰ্ক প্ৰতিযোগিতা

author-image
asomiyapratidin
New Update
নুনমাটিৰ অসম জাতীয় বিদ্যালয়ত আন্তঃজাতীয় বিদ্যালয় তৰ্ক প্ৰতিযোগিতা

ডিজিটেল ডেস্কঃ আজি নুনমাটিস্থিত অসম জাতীয় বিদ্যালয়ত অনুষ্ঠিত হৈছে আন্তঃজাতীয় বিদ্যালয় তৰ্ক প্ৰতিযোগিতা। তৰ্ক প্ৰতিযোগিতাখনৰ বিষয়- 'সদনৰ মতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীয়ে অসমৰ ভৱিষ্যত সুৰক্ষিত কৰিব'।

এই প্ৰতিযোগিতাত বিচাৰক হিচাপে আছে জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মা, দিগন্তবিশ্ব শৰ্মা আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক ডাঃ দিগন্ত বুঢ়াগোহাঁই। তৰ্ক প্ৰতিযোগিতাখনত অধ্যক্ষতা কৰিছে বিশিষ্ট চিন্তাবিদ তথা স্তম্ভ লেখক লক্ষ্মীনাথ তামুলীয়ে।

সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ নাথ আৰু সম্পাদক লুৰিণজ্যোতি গগৈয়ে প্ৰতিযোগিতাখনৰ শুভাৰম্ভ কৰে। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে ৰাজ্যৰ ২৩খন জিলাৰ ২৩খন জাতীয় বিদ্যালয়ৰ মুঠ ৪৬গৰাকী ছাত্ৰ-ছাত্ৰীয়ে।