/asomiyapratidin/media/media_files/2024/12/02/OqZ5ce1MBEQvM0wJi5Ww.jpg)
ডিজিটেল সংবাদ,চৰাইদেউঃ
ৰাজ্য বিভিন্ন প্ৰান্তৰ লগতে আজি বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউত অসম(চুকাফা) দিৱস দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হব।অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত চৰাইদেউ জিলা প্রশাসন, স্বৰ্গদেউসকলৰ স্মৃতি তর্পণ সমিতি, বুৰঞ্জী প্ৰসিদ্ধ চৰাইদেউ মৈদাম উন্নয়ন আৰু সংৰক্ষণ সমিতি, সদৌ তাই আহোম ছাত্র সন্থা, চ্যুকাফা আঞ্চলিক সমিতি, ঢ্যুকাফা চকিয়াল যুৱ সমাজ, মহিলা গোট আৰু স্থানীয় ৰাইজৰ সহযোগত মৈদাম থলীৰ প্ৰাংগনত অনুষ্ঠিত হব ৷
উল্লেখ্য যে, বৰ অসমৰ ভেটি গঢ়োঁতা স্বৰ্গদেউ চাওলুং চুকাফাৰ শৌৰ্য-বীৰ্য-পৰাক্ৰমক সুঁৱৰি প্ৰতিবছৰে আজি দিনটোক অসম দিৱস হিচাপে পালিত হৈ আহিছে যদিও কিন্তু অতি পৰিতাপৰ কথা যে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ আৰম্ভণি কৰোঁতা এইগৰাকী মহান ব্যক্তিৰ সমাধিস্থল আজিও অৱহেলিত, অনাদৃত তথা উপেক্ষিত হৈ আছে ৷
চৰকাৰী বেচৰকাৰী ভাৱে ৰাজ্যজুৰি বৰ অসম গঢ়াৰ ক্ষেত্ৰত চুকাফাৰ অৱদানলৈ শ্ৰদ্ধা জনাই চুকাফা দিৱস নতুবা অসম দিৱস হিচাপে পালিত হৈ আহিছে যদিও বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত অশেষ বৰঙণি আগবঢ়োৱা প্ৰথমগৰাকী আহোম স্বৰ্গদেউৰ প্ৰতি চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষ যিমান শ্ৰদ্ধাশীল হব লাগিছিল তাত আজিও সন্দেহৰ অৱকাশ ৰৈ গৈছে।
ছশ বছৰীয়া আহোম ৰাজত্বকালৰ প্ৰথমগৰাকী স্বৰ্গদেউ চাওলুং চুকাফাৰ পবিত্ৰ সমাধিস্থল অৰ্থাৎ মৈদাম সুদীৰ্ঘকাল চিনাক্ত নোহোৱাকৈ থকাৰ পাছত ২০১৫-১৬ বৰ্ষত উদ্ধাৰ কৰা হৈছিল মৈদামটো । একাংশ আহোম গৱেষক তথা আহোম জনগোষ্ঠীয় সংগঠনৰ তৎপৰতাত লাংকুৰী দেওশালৰ উত্তৰ দিশত তিনিটা মৈদাম উদ্ধাৰ কৰা হয় । ইয়াৰে প্ৰথমটো স্বৰ্গদেউ চ্যাওলুং চুকাফাৰ আৰু আন দুটা তেওঁৰ দুই পুত্ৰৰ বুলি ঠাৱৰ কৰি উলিওৱা হয় ।
পৰৱৰ্তী সময়ত চুকাফাৰ মৈদামটোত বেৰ দি সংৰক্ষণৰ কিছু পদক্ষেপ গ্ৰহণ কৰা হৈছিল ৷ আজি পৰ্যন্ত বৰ অসমৰ স্ৰষ্টা গৰাকীৰ মৈদামটো চৰকাৰে উপযুক্ত সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধনৰ পৰিকল্পনা গ্ৰহণ নকৰাত বৰ্তমানেও কেৱল মাত্ৰ লোহাৰ চাৰি বেৰাৰ মাজতে অবহেলিত, উপেক্ষিত, অনাদৃত হৈ পৰি আছে ৷
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us