/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/erfed.jpg)
ডিজিটেল সংবাদ,নগাঁও: কলকাতাৰ আন্তৰ্জাতিক কবি সন্মিলনে আগবঢ়োৱা জীৱনানন্দ দাস বঁটা এইবাৰ অসমৰ হৰ্ষিতা হিয়াই লাভ কৰিছে।আমেৰিকা যুক্তৰাষ্ট্ৰৰ এণ্টনিম আৰু কলকাতাৰ ভাষা সংসদে যুটীয়া ভাবে দেশৰ বিভিন্ন ভাষাৰ কবিতা ইংৰাজী আৰু বাংলা ভাষালৈ অনুবাদ কৰাৰ এক অভিলাসী প্ৰতিযোগিতা আয়োজন কৰিছিল।
আঞ্চলিক ভাষাৰ উৎকৃষ্ট ৰচনাৰাজিৰ অধিক প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আয়োজন কৰা এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি অসমীয়া ভাষাৰ কবিতা ইংৰাজী ভাষালৈ কৰা অনুবাদৰ বাবে হৰ্ষিতা হিয়ালৈ এই সন্মান আগবঢ়োৱা হৈছে।
ইতিমধ্যে এণ্টনিমৰ ছপা সংস্কৰণতো হৰ্ষিতাৰ এই অনুবাদ প্ৰকাশ পাইছে। যোৱা ১১ জুনত কলকাতাৰ ইষ্টাৰ্ণ জনেল কালচাৰেল চেণ্টাৰৰ প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত আয়োজক সমিতিয়ে এই বঁটা হৰ্ষিতা হিয়াক প্ৰদান কৰে। হৰ্ষিতা অনুদিত এই কবিতা অনুষ্ঠানত পাঠ কৰে বাংলা চলচ্চিত্ৰ জগতৰ প্ৰসিদ্ধ অভিনেত্ৰী অপৰ্ণা সেন আৰু তেওঁৰ স্বামী কল্যাণ সেনে। ইয়াৰ পিছতেই হৰ্ষিতাক জীৱনানন্দ দাস বঁটা প্ৰদান কৰা হয়। এই বঁটাত আছে এখন মানপত্ৰ, এটা স্মাৰক, এখন চাদৰ আৰু নগদ ধন।
নতুন দিল্লীৰ জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা হৰ্ষিতা হিয়াই ইতিমধ্যে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ "বুঢ়ী আইৰ সাধু" ইংৰাজী ভাষালৈ অনুবাদ কৰি উলিয়াইছিল।। হৰ্ষিতা অসম চৰকাৰৰ জন সংযোগ বিভাগৰ অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক তথা নগাঁও চহৰৰ ফৌজদাৰীপট্টিৰ নিবাসী গুৰমাইল সিং আৰু পুৰণিগুদাম বি কে বি কলেজৰ অধ্যাপিকা অনুৰূপা বৰাৰ একমাত্ৰ কন্যা।
আৰু পঢ়ক: ঢকুৱাখনাত সন্ত্রাস সৃষ্টিকাৰী ৫ গভাইত চোৰক জেললৈ নিক্ষেপ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us