Advertisment

লামডিং সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান প্ৰশাসনৰ…

লামডিং সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান প্ৰশাসনৰ…

author-image
asomiyapratidin
New Update
লামডিং সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান প্ৰশাসনৰ…

ডিজিটেল ডেস্কঃ দৰং জিলাৰ গৰুখুঁটিৰ উচ্ছেদৰ পিছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লামডিং সংৰক্ষিত বনাঞ্চলত অবৈধ দখলৰ কথা উল্লেখ কৰি শীঘ্ৰে এই বনাঞ্চলত উচ্চেদ অভিযান চলোৱা হ'ব বুলি ঘোষণা কৰিছিল। এই ঘোষণাৰ পাছতে ৮ নৱেম্বৰ, ২০২১ সোমবাৰে পুৱা সংৰক্ষিত বনাঞ্চলখনত অবৈধ দখলকাৰীক উচ্ছেদ চলাবলৈ বিশাল আৰক্ষী বাহীনি লগত লৈ উপস্থিত হৈছে জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক, বন বিষয়াকে ধৰি উচ্চ পদস্থ জিলা প্ৰশাসনৰ বিষয়াসকল।

Advertisment

লামডিং বনাঞ্চলৰ বনাঞ্চলৰ মাটিকালি ২২, ৪০২.৮৩০ হেক্টৰ৷ পৰিচালনাৰ সুবিধাৰ বাবে বনাঞ্চলখনক লংকা আৰু লামডিং বনাঞ্চলত বিভক্ত কৰা হৈছে৷ এই বনাঞ্চলৰ পূবে কাৰ্বি আংলঙৰ লাংগ্ৰি অভয়াৰণ্য, পশ্চিমে উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ লাংটিং মুপা সংৰক্ষিত বনাঞ্চল৷ ইয়াৰে লংকা সংৰক্ষিত বনাঞ্চলতে প্ৰশাসনে উচ্ছেদ অভিযান চলাইছে।

ক্লিক কৰি পঢ়কঃ কালিলৈ ঘৰলৈ গৈ আছো, ভাল লগা নাইঃ কোহলী…

হাতী, জেচিবি, টেক্টৰ আদি লৈ উচ্ছেদ অভিযান চলাবলৈ যোৱা আৰক্ষী প্ৰশাসনক সহযোগিতা আগবঢ়াইছে দখলকাৰীসকলে। উচ্ছেদৰ পূৰ্বেই জাননী প্ৰেৰণ কৰি জিলা প্ৰশাসনে দখলকাৰীসকলক সেই স্থান এৰি যাবলৈ নিৰ্দেশনা প্ৰদান কৰিছিল। সেই নিৰ্দেশনা অনুসৰিয়েই দখলকাৰীসকলে সংৰক্ষিত বনাঞ্চলখনৰ দখলকৃত ভূমি ত্যাগ কৰি আন স্থানত গৈ অৱস্থান কৰিছে। আনহাতে একাংশ দখলকাৰী দাবী কৰিছে তেওঁলোক সেই স্থানৰ স্থায়ী বাসিন্দা। শ শ বছৰ ধৰি তেওঁলোক সেই স্থানত বাস কৰি আছে।

ইফালে একাংশ লোকে ধনৰ বিনিয়মত সংৰক্ষিত বনাঞ্চলখনত ধনৰ বিনিময়ত ভূমিৰ আদান প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে। ১০ বিধা বনাঞ্চলৰ ভূমি ১ লাখ টকাত বিক্ৰী কৰাৰ অভিযোগ উঠিছে। মৰিগাওঁ, নগাওঁ আদি দাঁতিকাষৰীয়া অঞ্চলৰ বান বিধ্বস্ত এলেকাৰ ভূমিহীন লোকক একাংশ লোকে ধনৰ বিনিময়ত লামডিং সংৰক্ষিত বনাঞ্চলত আনি সংস্থাপিত কৰিছিল।

ইফালে উচ্ছেদৰ পূৰ্বে জিলা উপায়ুক্ত গৰাকীয়ে কৈছে য়ে, দাঁতিকাষৰীয়া জিলাৰ পৰা যিসকল ভূমিহীন লোকে সংৰক্ষিত বনাঞ্চলখনত আহি ভূমি দখল কৰি আছিল তেওঁলোকক ভূমি আবণ্টন দিবলৈ তেওঁ পত্ৰ প্ৰেৰণ কৰিব। উল্লেখ্য যেলামডিং সংৰক্ষিত বনাঞ্চলখনৰ ৩৪০ হেক্টৰ ভূমি বেদখলমুক্ত কৰিব প্ৰশাসনে। এই ভূমি দখল কৰি উচ্ছেদকাৰীসকলে নিৰ্মাণ কৰিছিল বিদ্যালয়, গীৰ্জা, মছজিদ আদি।