অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলোৱা আৰক্ষী বিষয়াক দাৰে আক্ৰমণৰ চেষ্টাঃ এজনক আটক….

অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলোৱা আৰক্ষী বিষয়াক দাৰে আক্ৰমণৰ চেষ্টাঃ এজনক আটক….

author-image
asomiyapratidin
New Update
চেলফিয়েই হ’ল কাল ! নৰনায়াণসেতুত দুৰ্ঘটনা, ৫ জনৰ অৱস্থা গুৰুতৰ…

ডিজিটেল সংবাদ নেলীঃ দক্ষিণ ধৰমতুলত ভয়ংকৰ ঘটনা। সুৰাৰ বিৰুদ্ধে অভিযান চলাবলৈ যোৱা আৰক্ষী বিষয়ালৈ দালৈ খেদি আহিল অবৈধ সুৰা বিক্ৰেতাই। সোমবাৰে সন্ধিয়া প্ৰায় ৭ বজাত নেলী থানাৰ আৰক্ষীৰ এটা দলে অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাবলৈ যোৱাৰ সময়তে এই ঘটনা সংঘটিত হৈছে।

জানিব পৰা মতে নেলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে দক্ষিণ ধৰমতুলৰ এখন হোটেলত অবৈধ সুৰাৰ বিক্ৰীৰ বিৰুদ্ধে অভিযান চলাই। সেই সময়তে হোটেলখনৰ গৰাকী তথা অবৈধ সুৰাৰ বেহাৰ সৈতে জড়িত চিন্তুমনি বৰা নামৰ যুৱকজনে এখন দা লৈ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীক আক্ৰমণ কৰিবলৈ খেদি আহে।

এই ঘটনাৰ পিছতে অভিযানকাৰী আৰক্ষীৰ দলটোৱে চিন্তুমনি নামৰ লোকজনক আটক কৰি নেলী থানালৈ লৈ আনে আৰু তেওঁক সমগ্ৰ ঘটনাৰ বিষয়ত সোধাপোচা অব্যাহত ৰাখিছে।

assam Assam police