আৰম্ভ হ’ল ঐতিহ্যমণ্ডিত এ টি পি এ শিল্ড ফুটবল প্ৰতিযোগিতা…

আৰম্ভ হ’ল ঐতিহ্যমণ্ডিত এ টি পি এ শিল্ড ফুটবল প্ৰতিযোগিতা…

ডিজিটেল সংবা যোৰহাট: অসমৰ প্ৰথমখন ষ্টেডিয়াম যোৰহাট ষ্টেডিয়ামত বুধবাৰৰ পৰা ঐতিহ্যমণ্ডিত এ টি পি এ শিল্ড ফুটবল প্ৰতিযোগিতা বৰ্ণাধ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে । শতবৰ্ষত উপনীত হোৱা যোৰহাট জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত ফ্লাড লাইটৰ পোহৰত ৫৭ সংখ্যক এই প্ৰতিযোগিতাখনি বুধবাৰে সন্ধিয়া এক গাম্ভীয্যপূৰ্ণ অনুষ্ঠানত উদ্ধোধন কৰে প্ৰবীণ ক্ৰীড়া সাংবাদিক, ক্ৰীড়া সংগঠক ড০ তপন দত্তই।

প্ৰতিযোগিতাৰ উদ্বোধনী খেলখন চৰাইবাহী উপক্ৰীড়া সন্থা আৰু এন আৰ এল ফুটবল একাডেমীৰ মাজত অনুষ্ঠিত হয় । তীব্ৰ উত্তেজনাপূৰ্ণ খেলখনত চৰাইবাহী উপক্ৰীড়া সন্থাই এন আৰ এল ফুটবল একাডেমীক ২-১ গলত পৰাস্ত কৰে ।

খেলখনৰ প্ৰথমাৰ্ধৰ অধিকাংশ সময় এন আৰ এল ফুটবল একাডেমী দখলত থাকে যদিও গল কৰাৰ কেবাটাও সুবৰ্ণ সুযোগ হেৰুৱায় দলটোৱে। প্ৰথমাৰ্ধ গল শূন্যভাবে সমাপ্ত হোৱাৰ পাছত দ্বিতীয়াৰ্ধৰ ৭১ মিনিটত এটা আত্মঘাটী গলেৰে চৰাইবাহীয়ে অগ্ৰগতি লাভ কৰে ।

খেলৰ ৮২ মিনিটত লক্ষীন্দ্ৰ সোনোৱালৰ জৰিয়তে এন আৰ এল ফুটবল একাডেমীয়ে সমতা স্থাপন কৰে । ৮৭ মিনিটত ইনচেন্ট চাওৰাৰ জৰিয়তে বিজয়সূচক গল কৰিবলৈ সক্ষম হয় চৰাইবাহীয়ে ।

বুধবাৰৰ খেলখন পৰিচালনা কৰে পৱন পাঠকে । লাইনত বিমান সন্দিকৈ আৰু সুমন্ত দত্ত । চতুৰ্থ ৰেফাৰি ৰঞ্জিত দত্ত । বীৰেন বৰাই আঁত ধৰা প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সভাপতি শান্তনু পূজাৰী, উপ সভাপতি ললিত বৰা, সাধাৰণ সম্পাদক জুল খাউণ্ড প্ৰমুখ্যে বিষয়ববীয়াসকল উপস্থিত থাকে।

এই প্ৰতিযোগিতা অহা ১০ এপ্ৰিললৈকে অনুষ্ঠিত হ'ব । এই প্ৰতিযোগিতাৰ লগতেই অহা ২ এপ্ৰিলত যোৰহাট জিলা ক্ৰীড়া সন্থাৰ শতবৰ্ষ উদযাপনৰ বছৰজোৰা কাৰ্যসূচীৰ শুভাৰম্ভণি হব । উল্লেখ্য যে, ৫৭ সংখ্যক এই প্ৰতিযোগিতাখনি সম্পূৰ্ণ ফ্লাদ লাইটৰ পোহৰত অনুষ্ঠিত হব ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in