সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ নাগৰিকত্ব (সংশোধনী) আইন ২০১৯ বাতিল ৰ দাবীত অনশন কাৰ্যসূচী।

সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ নাগৰিকত্ব (সংশোধনী) আইন ২০১৯ বাতিল ৰ দাবীত অনশন কাৰ্যসূচী।

author-image
asomiyapratidin
New Update
সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ নাগৰিকত্ব (সংশোধনী) আইন ২০১৯ বাতিল ৰ দাবীত অনশন কাৰ্যসূচী।

ডিজিটেল সংবাদ, মঙলদৈঃ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত বুধবাৰে মঙলদৈ ৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ কাৰ্যালয়ৰ সমীপত সদৌ দৰং জিলা ছাত্ৰ সন্থাই নাগৰিকত্ব (সংশোধনী) আইন ২০১৯ ( কা ) বাতিল ৰ দাবীত ১১ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন কৰে।

Advertisment

সদৌ অসম ছাত্ৰ সন্থাৰ বিত্ত সম্পাদক খনিন্দ্ৰ ৰাজবংশী, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য নিৰঞ্জন শইকীয়া,সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি পৰাগ কুমাৰ চহৰীয়া, সাধাৰণ সম্পাদক সত্যৰঞ্জন ডেকা, মঙলদৈ মহকুমা ছাত্ৰ সন্থাৰ সভাপতি শুচিব্ৰত শইকীয়া,সাধাৰণ সম্পাদক ভাস্কৰ জ্যোতি ডেকা,সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ উপ-সভাপতি পৰেশ চহৰীয়া , সাংগঠনিক সম্পাদক প্ৰাঞ্জল কলিতা ৰ লগতে জিলা, আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া আৰু শতাধিক ছাত্ৰ সন্থাৰ কৰ্মীয়ে অনশন কাৰ্যসূচী ত অংশগ্ৰহণ কৰে ।

ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰে এই জাতি ধ্বংসী আইনখন বাতিল কৰিবই লাগিব বুলি অনশন স্থলীৰ পৰা সজোৰে দাবী উত্থাপন কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে।