/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/bishwanath-aasu-protest-.jpg)
ডিজিটেল সংবাদ,বিশ্বনাথ : সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত বুধবাৰে সমগ্ৰ অসমৰ লগতে বিশ্বনাথত সদৌ অসম ছাত্ৰ সন্থা বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিলৰ দাবীত ১১ ঘন্টীয়া অনশন কাৰ্যসূচী পালন কৰে।
বিশ্বনাথ চাৰিআলি শ্বহীদ ভৱনৰ সন্মূখত পূৱা ৭ বজাৰ পৰা সন্ধিয়া ৬ বজালৈকে পালন কৰিব এই অনশন কাৰ্যসূচী। কা আমি নামানো,কা বিৰুদ্ধে আমি যুজিম,আমি জিকিম, কোনো বিদেশীৰ বোজা অসমে গ্ৰহণ নকৰে, কা ছাত্ৰ সমাজে নামানে আদি বিভিন্ন প্লে কাৰ্ড হাতত লৈ উক্ত কাৰ্যসূচী ৰূপায়ন কৰে কৰে।