/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/ce5a5e96-50c7-4e6e-bfd0-1ef4dfa1a412/WhatsApp_Image_2022_09_14_at_3_50_13_AM.jpeg)
JAIMALA JAIMALA
ডিজিটেল ডেস্কঃ জয়মালা ঘূৰি আহিবনে অসমলৈ? ৰাজ্য চৰকাৰে ঘূৰাই আনিব পাৰিবনে জয়মালাক? এই প্ৰশ্নই হয়তো বহুতৰে মনত ক্ৰিয়া কৰে। যদি আপুনিও জয়মালাক অসমলৈ ঘূৰাই অনাটো বিচাৰে তেন্তে আপোনালৈ আছে এক বিশেষ খবৰ।
তামিলনাডুৰ এটা মন্দিৰত থকা জয়মালাক অসমলৈ ঘূৰাই আনিবলৈ এতিয়া আইনৰ কাষ চাপিছে অসম চৰকাৰ। তামিলনাডুৰ বিষ্ণু মন্দিৰত থকা জয়মালা নামৰ অসমৰ হাতীটোক ঘূৰাই আনিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত আৱেদন দাখিল কৰিছে অসম চৰকাৰে।
উল্লেখ্য যে জয়মালাক ঘূৰাই আনিবলৈ অসম চৰকাৰে এটা দলক তামিলনাডুলৈ প্ৰেৰণ কৰিছিল যদিও অসমৰ দলটোৱে জয়মালাক সাক্ষাত কৰাৰ অনুমতি লাভ নকৰিলে। আনহাতে তামিলনাডুৰ মুখ্যমন্ত্ৰীয়েও সাক্ষাত নিদিলে অসমৰ দলটোক।
তামিলনাডু চৰকাৰৰ লগত কোনো ধৰণৰ আলোচনা নকৰাকৈয়ে প্ৰেৰণ কৰা অসমৰ দলটো অৱশেষত বিফল মনোৰথেৰে ঘূৰি আহিবলৈ বাধ্য হৈছিল তামিলনাডুৰ পৰা। জয়মালাক পুনৰ অসমলৈ ঘূৰাই আনিব পৰা যাব নে নাই সেই সন্দৰ্ভত অসম বিধানসভাৰ চৌহদত সাংবাদিকে কৰা এক প্ৰশ্নৰ উত্তৰত এই বিষয়ে মন্তব্য কৰিছে প্ৰধান মুখ্যয় বন সংৰক্ষক(বন্যপ্ৰাণী) এম কে যাদৱে।
এম কে যাদৱে সংবাদ মাধ্যমৰ আগত কয় যে, জয়মালাৰ বাবে আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দাৰস্থ হৈছোঁ। ন্যায়ালয়ৰ ৰায়ৰ বাবে অপেক্ষা কৰি আছো। তামিলনাডুত বৰ্তমান জয়মালা সুৰক্ষিত হৈ আছে।
উল্লেখ্য যে, কিছু দিন পূৰ্বে সামাজিক মাধ্যমত জয়মালাক অকথ্য নিৰ্যাতন চলোৱা এক ভিডিঅ' ভাইৰেল হৈ পৰিছিল। যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যজুৰি জয়মালাক পুনৰ অসমলৈ ঘূৰাই আনিবলৈ দাবী উত্থাপন হৈছিল। ইয়াৰ মাজতে আকৌ থাইলেণ্ডৰ এটা হাতীও অসমৰ জয়মালা বুলি ভুৱা প্ৰচাৰ চলিছিল।
জয়মালাক অসমলৈ ঘূৰাই অনাৰ ক্ষেত্ৰত অসম চৰকাৰৰ মুখ্য সচিবে তামিলনাডুৰ চৰকাৰৰ লগত যোগাযোগ কৰিছে বুলি উল্লেখ কৰি মুখ্য বন সংৰক্ষক গৰাকীয়ে কয় যে, বৰ্তমান জয়ামালা তামিলনাডু চৰকাৰৰ হাতত নাই। ব্যক্তিগত মালিকানাধীনত আছে জয়মালা।
উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত অসমৰ পৰা তামিলনাডুলৈ যোৱা অসমৰ দলটো বিগত ১২ টা দিনে চেন্নাইত বাহৰ পাতি আছে। অসমৰ এই দলটোক তামিলনাডুৰ চৰকাৰে সাক্ষাত কৰিব দিয়া নাই। সেয়েহে এতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশলৈ অপেক্ষা কৰিছে।