/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/chit-grills-fund-accused-saradha-multi-crore_8d1e2b46-7db1-11e9-98c6-ecfd32845dee.jpg)
ডিজিটেল ডেস্কঃ অসম বিধানসভাত সংঘটিত হ'ল এক নোহোৱা-নোপোজা ঘটনা। হয়তো দেশৰ ইতিহাসতেই নাই এনে নজিৰ। বিধানসভাৰ অধ্যক্ষই বিৰোধীৰ বিধায়কক অধিক গুৰুত্ব দিয়া অভিযোগ তুলি সোমবাৰে সদন ত্যাগ কৰিলে খোদ ৰাজ্যৰ এজন জ্যেষ্ঠ মন্ত্ৰীয়ে।
সেই সময়ত সদনত বিজেপিৰ ভিজন ডকিউমেন্টক লৈ প্ৰশ্ন কৰিছিল বিৰোধীয়ে। বিজেপিৰ ভিজন ডকিউমেন্টৰ আলোচনা বিধানসভাৰ মজিয়াত হ'ব নোৱাৰে বুলি ইয়াৰ বিৰোধিতা কৰিছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তাৰপাছতেই হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যৰ বিৰোধিতা কৰে কংগ্ৰেছৰ দুই বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু কমলেক্ষ দে' পুৰকায়স্থই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/assam/uploads/2019/07/hqdefault-1.jpg)
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই দুই বিধায়কক বিধানসভাৰ পৰা বহিষ্কাৰ কৰিব লাগে বুলি অধ্যক্ষক দাবী জনায়। ইয়াকে লৈ ক্ষোভত ফাঁটি পৰে কংগ্ৰেছৰ আন বিধায়কসকল। উল্লেখযোগ্য যে, সেই সময়ত সদনত টেট শিক্ষকৰ প্ৰসংগতো সদন উত্তাল হৈ পৰিছিল। শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই টেট শিক্ষকৰ সৈতে চৰকাৰৰ আলোচনা ফলপ্ৰসূ হোৱা বুলি সদনত উত্তৰ দিছিল।
শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে স্পষ্ট কৰি দিছিল যে- যিসকলে বৰ্তমান টেট শিক্ষক হিচাপে কৰ্মৰত হৈ আছে, সেই ঠিকাভিত্তিক নিযুক্তি লাভ কৰা শিক্ষকসকলে পুনৰ টেট পৰীক্ষাত অৱতীৰ্ণ হ'ব নালাগে। তেওঁলোকৰ পুনৰ নিযুক্তিৰ ক্ষেত্ৰত বয়সৰ কোনো উচ্চ সীমা নাথাকিব বুলি জনায় শিক্ষামন্ত্ৰীগৰাকীয়ে।
সদনৰ এনে হুলস্থূলীয়া পৰিৱেশৰ মাজতে বিৰোধী পক্ষৰ বিধায়কক অধ্যক্ষই বেছি গুৰুত্ব দিয়া বুলি সদন ত্যাগ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ স্পষ্টভাৱে কয়- 'আপুনি বিৰোধী বিধায়কক গুৰুত্ব দিছে আৰু তেওঁলোকক নিয়ন্ত্ৰণ কৰিব পৰা নাই। এনে অৱস্থাত আমি নথকাই ভাল' বুলি কৈ আপোনালোক তিনিজনেই বিধানসভা চলাওক বুলি কৈ মন্ত্ৰীগৰাকীয়ে সদন ত্যাগ কৰে।
উল্লেখযোগ্য যে, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰূপজ্যোতি কুৰ্মী আৰু কমলেক্ষ পুৰকায়স্থ আৰু অধ্যক্ষক বিধানসভা চলাবলৈ কৈ সদন ত্যাগৰ পাছতেই অধ্যক্ষ হীতেন গোস্বামীয়ে ১৫ মিনিটৰ বাবে সদন স্থগিতৰ ঘোষণা কৰে।
ইফালে, অধ্যক্ষৰ এই নিৰপেক্ষতাৰ বাবে বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই অধ্যক্ষ হীতেন গোস্বামীক ধন্যবাদ জনোৱাৰ লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আচৰণক সমালোচনা কৰে। লক্ষণীয় যে, অধ্যক্ষৰ বিৰুদ্ধে শাসকীয় দলৰ এজন জ্যেষ্ঠ মন্ত্ৰীয়ে কৰা এনে মন্তব্য আৰু প্ৰদৰ্শন কৰা আচৰণে অধ্যক্ষগৰাকীৰ পদমৰ্যাদাক যে লাঘৱ কৰিলে সেয়া নিশ্চিত।
মন্ত্ৰীজনৰ এই আচৰণ অধ্যক্ষগৰাকীয়ে তেওঁৰ বিশেষাধিকাৰ ভংগ ৰূপে বিবেচনা কৰে নে নকৰে সেয়া অৱশ্যে স্পষ্ট নহ'ল। কিন্তু এজন শাসকীয় তথা অভিজ্ঞ মন্ত্ৰীয়ে সদনৰ মজিয়াত কৰা এই আচৰণ আৰু সদনত্যাগে এতিয়া ৰাজ্যৰ ৰাজনীতিত তুমুল চৰ্চা লাভ কৰিছে।