/asomiyapratidin/media/media_files/2025/04/03/XtaUJibX8E5ZNbm16Og7.jpg)
ডিজিটেল ডেস্কঃ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আজি গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অসম চৰকাৰে প্ৰদান কৰিলে ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান-২০২৪।
প্ৰতিৰক্ষা, শিক্ষা, বিজ্ঞান-প্ৰযুক্তি, কলা-সংস্কৃতি, ক্ৰীড়া, হস্তশিল্প, জনসেৱা, কৃষি আৰু সহযোগী খণ্ড, উদ্যমিতা, পৰিবেশ পৰ্যটন, বন্যপ্ৰাণী সংৰক্ষণ আদি ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য আৰু দৃষ্টান্তমূলক অৱদানেৰে অসমলৈ কঢ়িয়াই অনা সন্মানৰ স্বীকৃতি হিচাপে ৰাজ্য চৰকাৰে অসম বৈভৱ, অসম সৌৰভ, অসম গৌৰৱ সন্মানেৰে সন্মানিত কৰিলে ২০ গৰাকী ব্যক্তিৰ লগতে তিনিটা সংস্থাক।
ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ ঘোষণা অনুসৰিয়েই প্ৰদান কৰা হয় লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) ৰাণা প্ৰতাপ কলিতাক। এই পদত অধিস্থিত হোৱা তেওঁ প্ৰথমগৰাকী অসমীয়া।
অসম সৌৰভ সন্মান এইবাৰ মুঠ ৬ গৰাকী ব্যক্তিক প্ৰদান কৰা হয়। তেওঁলোক ক্ৰমে সুব্ৰমনিয়ম ৰামাদোৰাই, ড০ বাপ্পী পাল, ড০ পূৰবী শইকীয়া, দ্বীপেন বৰুৱা, হেমন্ত দত্ত আৰু উমা ছেত্ৰী।
অসম গৌৰৱ বঁটা লাভ কৰিছে ক্ৰমে ফুলেশ্বৰী দত্ত, মীণাক্ষী দাস, পাৰ্থিৱ সুন্দৰ গগৈ, ধীৰেন্দ্ৰ নাথ পাল, হৰিদাস দাস, বিনং তেৰন, নজৰুল হক, বিশ্বজিৎ বৰা, ভাৰত চন্দ্ৰ কলিতা, বাৰলাংফা নাৰ্জাৰী, ৰামচন্দ্ৰ চাচনী, উপমন্যু বৰকাকতি, ডেভিদ প্ৰতিম গগৈৰ লগতে চৌৰান আহেম, বাৰেকুৰি গাওঁ আৰু হাতীবন্ধু স্বেচ্ছাসেৱী সংস্থাই।
I am attending the Assam Civilian Awards 2024, where we are honouring men and women who made an outstanding effort in nation building. https://t.co/7bi2rhtK5M
— Himanta Biswa Sarma (@himantabiswa) April 3, 2025
এই সন্মান প্ৰদান অনুষ্ঠানৰ পাছতেই জনপ্ৰিয় নন্দী ভগ্নিদ্বয়ৰ এক সংগীতানুষ্ঠানো অনুষ্ঠিত হয়। সুধাকণ্ঠ ডদ ভূপেন হাজৰিকাৰ গীতক সাৱলীল আৰু সুন্দৰকৈ পৰিবেশনেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰে ভগ্নীদ্বয়ে।