/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/266e4471-5996-4e4b-8871-32b9bbc6b771/tea.jpg)
ডিজিটেল সংবাদ, চাবুৱা: অসমৰ চাহ বিশ্ববিখ্যাত। ব্ৰিটিছৰ দিনৰে পৰা সেউজী অসম বিখ্যাত চাহৰ বাবে। পুনৰ এবাৰ সেই বাক্যশাৰীকে যেন সঁচা বুলি প্ৰমাণ কৰিলে অসমৰ চাহে।
ইতিহাস সৃষ্টি কৰিলে অসমৰ চাহে। চাহ নগৰীৰূপে খ্যাত চাবুৱাৰ চাহে এইবাৰ সক্ষম হৈছে ইতিহাস সৃষ্টি কৰিবলৈ। ভাৰতৰ ভিতৰত ইতিহাস সৃষ্টি কৰিলে চাবুৱাৰ ডিকম AFT Techno Trade-ৰ গ’ল্ডেন পাৰ্ল টিয়ে।
কলিকতাৰ চাহ নিলাম কেন্দ্ৰত ১,৫১,০০১ -টকাত বিক্ৰী হ'ল এক কিল’গ্ৰাম গ’ল্ডেন পাৰ্ল টি। লগে লগে AFT Techno Trade-ৰ গ’ল্ডেন পাৰ্ল টিয়ে সৃষ্টি কৰিলে নতুন ইতিহাস।
অন্য চাহপাতৈ কিছু পৃথক এই চাহৰ উৎপাদন পদ্ধতি। দিনৰ পৰিৱৰ্তে জোনৰ পোহৰতহে প্ৰস্তুত কৰা হয় এই বিশেষ চাহপাতবিধ। উল্লেখ্য যে ইয়াৰ পূৰ্বেও গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰ ৯৯,৯৯৯ টকাত বিক্ৰী হৈ অভিলেখ সৃষ্টি কৰিছিল গ’ল্ডেন পাৰ্ল টিয়ে।
মূলতঃ বিশ্ব দৰবাৰত অসম আৰু অসমৰ চাহৰ নাম জিলিকি উঠাই হৈছে এই গ’ল্ডেন পাৰ্ল টিৰ মূল উদ্দেশ্য।স্বাভাৱিকতে গ’ল্ডেন পাৰ্ল টিৰ এই অভিলেখে চাবুৱাবাসীৰ লগতে গৌৰৱাম্বিত কৰি তুলিছে সমগ্ৰ ৰাজ্যবাসীক।
আৰু পঢ়ক: তিনিচুকীয়াৰ কয়লা ক্ষেত্ৰত পৰ্বেক্ষণৰ অনুমতি বিচাৰি আবেদন জাতীয় পৰিষদৰ...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us