কবিতা ৬৭/ ঘৰখন

চৰাইয়ে এপদ এপদকৈ সজা বাহৰ দৰেই/নৈৰ পাৰত থকা আমাৰ ঘৰখনৰো কাহিনী একে/দেউতাই কোনোমতে যোগাৰ কৰিছিল টিনপাত

author-image
Asomiya Pratidin
New Update
কবিতা ১২৯/ অনুভৱী মন

কবিতা

জমিৰ উদ্দিন তালুকদাৰ

Advertisment

চৰাইয়ে এপদ এপদকৈ সজা বাহৰ দৰেই

নৈৰ পাৰত থকা আমাৰ ঘৰখনৰো কাহিনী একে

দেউতাই কোনোমতে যোগাৰ কৰিছিল টিনপাত

হাজিৰা কৰা দাদাই আনিছিল বাহ

ওচৰৰ ৰহিম কাইয়ে দিছিল তৰ্জাৰ বেৰা

গাঁৱৰ উত্তৰেদি বৈ যোৱা নৈখন খুব শান্ত

ঠিক ইউফ্ৰেটিছৰ দৰেই

হাজাৰ বছৰীয়া বেবিলনৰ উদ্যানখন

মছেপটেমিয় সভ্যতা

যুদ্ধত বেবিলনৰ সমাধি

নীৰৱ সাক্ষী ইউফ্ৰেটিচ

মোৰ নদীখনৰো একেই কাহিনী

সেইদৰে নৈপৰীয়া সভ্যতাৰো

সিদিনা আছিল সোমবাৰ

প্ৰচণ্ড বা-মাৰলি আৰু মুষলধাৰ বৃষ্টি

নৈৰ পানী বাঢ়ি আহিছে ৷

বুকুৰ দপদপনি বাঢ়িছে পিতৃৰ

ঘৰখন বন্ধাৰ কাম শেষ কৰি

কোনো মতে পোনাইছে কঁকাল

আমাৰ বাবেই যেন ঘৰখন বেবিলনৰ উদ্যান

আৰু দেউতা আমাৰ বাবে সম্ৰাট নেবুচাদনেজাৰ

আশৈশৱ বান্ধৱ নৈখন সিদিনা অচিনাকী হল

নৈৰ বুকুত সাতুৰা, বালিঘৰ সজা

সেই নৈখন এনেকৈ হ'ব জানো ?

পলকতে খহিছে গৰা, পাৰৰ ঘৰ

আৰু এটা সময়ত দেউতাৰ সপোনৰ ঘৰখনো

এনেকৈ খহে জানো সপোন

যেন বেবিলনৰ উদ্যানখন সিদিনা খহিল

ঠিক মছেপটেমিয় সভ্যতাৰ পতনৰ দৰে ৷

assam poet poem