ড০ নন্দ সিং বৰকলা
মাটিৰ মৃত্যুত গছবোৰ শোক হৈ উঠিছে
যুদ্ধৰ বাৰুদ সাবটি গছবোৰে সমবেদনাৰে জীৱনৰ হলাহল পান কৰিছে
প্ৰতিনিয়ত অনুৰণনিত হয় বিষাদৰ তপত বতাহ
শিলৰ প্ৰশান্ত বুকু
গছৰ সংকট কালত বৰষুণৰ কৰুণ মাতৰ বাবে মাটি জীৱনক প্ৰাৰ্থনা কৰোঁ
মাটিতে এদিন ককা-আজোককাৰ স্তম্ভ সাজিছিলোঁ
শিলবোৰে ৰখি আছিল ঠিকনা, ইতিহাস
নিতৌ অহা যোৱা কৰে শব্দ… নিশব্দঃৰ স'তে মানৱতাৰ ওখ ৰ'দে
মাটিৰ গভীৰত মাটিৰ ৰং তিতে মানুহৰ হাতে মুখে
মাটি ভৰিৰ তলৰ সুনিশ্চিত নিৰাপদ
মাটিত অলেখ ছবি, ফুল,বৰষুণৰ…লালসা জীৱনৰ
মাটিৰ গৰাকী হৈ গছক লালন কৰোঁতে মাটিয়ে মোক সাবটি ধৰিছে
গছৰ শব্দ নিনাদ মাটিক জীৱন কৰাৰ মহাভাৰত আৰু
আকাশ, বৰষুণ, অসংখ্য চৰাইয়ে শইচবোৰ চিকুনাই আছে
পৃথিৱী আত্মাৰ উৎসৱ উদযাপনৰ ৰাসকেলিৰ বাবে
মই মানুহটো মোৰ নাছিলো, আছিলো মাটিৰ প্ৰাচীনতম প্ৰাৰ্থনা
যি প্ৰাৰ্থনাত থিয় হৈছিল হৰপ্পা, গ্ৰীচ, বেবিলিন, সিন্ধু সভ্যতাৰ ভৰিবোৰ
সভ্যতাৰ ভৰিবোৰে লৈ ফুৰিছে মোক মাটিয়ে-পানীয়ে দিহিঙে-দিপাঙে
মই তেজ বমি কৰিলে মাটি অশুচী হৈ উঠে
মই মৰিলে মাটিয়ে মৰিশালিৰ শৰীৰত চকুলো টুকে
সখিয়তী জোনৰ সময়,
প্ৰজাশান্তি ৰ'দ
অসুখীয়া জোনাক,
চকুৰে আকাশ দেখা ঘৰৰ ছালৰ বাৰংবাৰতাই
প্ৰত্যুষত নিতৌ মানুহ হোৱাৰ তাগিদাত দোতোৰা বজাই মাটিয়ে
মোৰ স্বাভিমান মাটি
শইচ,পানী, নদী, পাহাৰ, সংগীত, ছবি, অৰণ্য…
মাটিৰ ভূগোলে মানুহৰ শিপা খামুচি আছে বাবেই
মাটিৰ একান্ত, একাগ্ৰ, সুহৃদ হৈ চিঙি আছো আন্ধাৰৰ শিপা
মই মাটিক ভাল পাঁও বাবেই নিজকে হত্যা কৰোঁ নিতৌ
গছ আৰু চৰাইৰ জীৱনক ছাঁ দিবলৈ
মোৰ চকুদুটা গজি আছে মাটিৰে
ভৰি দুখ ঘূৰি ফুৰিছে মাটিৰ ভৰসাতে
হাত দুখন কলাকাম বিয়পি আছে মাটিৰ আত্মাত
ৰ'দবোৰ মাটিৰ বুকুতে জী আছে
ৰ'দৰ উত্তাপ, বৰষুণৰ মাত, জোনাকৰ শীতলতাত মাটিৰ
ভূচিত্ৰাৱলী এখনে মোক লৈ ফুৰিছে মাটি- আত্মাৰ
দীঘ-বানিৰ ঘৰমুখা মুখৰ হাঁহিৰে
দেশ-বিদেশৰ দিগন্তৰ গণসমূদ্ৰক মাটিৰ বিশ্বাস দিবলৈ।