কবিতা ৩৭/- পৃথিৱীৰ অসুখ

কবিতা ৩৭/- পৃথিৱীৰ অসুখ

author-image
asomiyapratidin
New Update
কবিতা/২৯  এজন আধুনিক ৰজা

মিলন মহন্ত

Advertisment

জনা হোৱাৰ পৰা এনে অৱস্থা দেখা নাই পৃথিৱীৰ
শুই পৰিছে পৃথিৱীৰ মানুহ
স্তব্ধ নৈ-নিজৰা,আকাশ মাৰ্গৰ সকলো অভিযান
যুগ-যুগৰ সভ্যতা-সংস্কৃতিৰে ভৰপূৰ পৃথিৱীজুৰি মুহূৰ্তত আকাল-অনাহাৰ
বাৰীৰ মানিমুনি, কচু, ভেদাইলতা,নিমপাত,নৰসিংহ,চজিনা,বনফুকত গঞাৰ জীৱন

জনা হোৱাৰ পৰা এনে অৱস্থা দেখা নাই পৃথিৱীৰ
গ্ৰহ-নক্ষত্ৰ,পৰ্বত-পাহাৰৰ চূড়া বগোৱা কতনা খিতাপ,
'নিমাখিত মানুহজাকে ক'ব খোজে
বিজ্ঞান বিফল
হাতত পাথৰ পিন্ধি
মন্দিৰে মছজিদে ঘূৰি ফুৰা
মন্ত্ৰীহে সফল'

এই যে পৃথিৱীৰ অসুখ
বিশ্বক গাৱলৈ সলনি কৰা সকলে
পাতিছে দেশে-দেশে এখন যুঁজৰ আখৰা
এই যুঁজৰ নাম বজাৰ

এই বজাৰত জুই জ্বলিছে
এই বজাৰত চলিছে ক্ষমতাৰ অৰিয়া-অৰি
মানৱতা-বন্ধুত্ব এই শব্দবোৰ পোৱা নাযায় এই বজাৰত
দিনে-নিশাই হিচাপ- নিকাচ
কেনেকে টানি-আঁজুৰি নিব পাৰি কাৰোবাৰ ভৱিষ্যত

মানুহৰ তেজেৰে খেল খেলিয়ো
চীন-আমেৰিকাই বজাই থাকে উন্নতিৰ ফটা ঢোল

ইটালী,দক্ষিণ আফ্ৰিকা,ভাৰত,অসম
একেই দুখৰ বোঁৱতী নৈ
মানুহৰ উচুপনিত নিশা নাযায় নুপুৱায়
ঘৰত থাকিয়ো ঘৰতে অঘৰী
দেশতেই বিদেশ
প্ৰাণ কাঢ়িও খেলোৱা কতনা খেল
বোমা বাৰুদ, ন-ন ভাইৰাছৰ আৱিস্কাৰ
আমি চাই আছোঁ নীৰৱে কঁপালক ধিয়াই

মানুহৰ তেজ পিয়াৰ ইমান হেঁপাহ
বজাৰৰ বাবেই সিহঁতেই কয় চুব নাপায়
দেখা নাপায় অদৃশ্য ঘাটক
বাঢ়ি গৈ থাকে মানুহৰ শৰীৰে-শৰীৰে

জানিছোঁ বজাৰ দখলৰ যুঁজৰ এয়াই এক ন-কৌশল
মহামাৰীয়ে হওক -দুৰ্যোগেই হওক
সিহঁতে ঠিকেই জানে বঢ়াই নিয়াৰ ৰাজনীতিৰ পাশাখেল
আমি যে সিহঁতৰ চালাকি ধৰিবকে নোৱাৰোঁ
ইতিহাসে কয়– দুৰ্যোধনে ভূমি এৰি দিয়া হ'লে
শ্ৰীকৃষ্ণই নকৰিলেহেঁতেন মহাভাৰত

জনা হোৱাৰ পৰা এনে অৱস্থা দেখা নাই পৃথিৱীৰ
যুগ-যুগৰ সভ্যতা-সংস্কৃতিৰে ভৰপূৰ পৃথিৱী মূহূৰ্তত অকাল -অনাহাৰ
আমাৰ গাঁৱেই সুৰক্ষিত নালাগে বিদেশ
'নিমাখিত মানুহজাকে ক'ব খোজে
বিজ্ঞান বিফল
হাতত পাথৰ পিন্ধি
মন্দিৰে মছজিদে ঘূৰি ফুৰা
মন্ত্ৰীহে যেন সফল'

এতিয়া পৃথিৱীৰ অসুখ
আমি মৰি মৰি বাচি আছো
তহঁতে মাৰি মাৰি জীয়াই আছা!