/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5b208f63-345b-4c17-9847-798b806f887c/KOBITA.jpeg)
কবিতা
দীপিকা দাস সৰকাৰ
ঘৰ বুলিবলৈ নো আৰু কি আছে
ঘৰৰ ভিতৰতে দেখোন আৰু ঘৰ
মজিয়াত ঠগ-প্ৰৱঞ্চকৰ গুপুত মেল
কাণত ঠহ্ ঠহ্ কৰে বিন্ধে দিনে-ৰাতিয়ে
শৰীৰ মোৰ বিকাৰগ্ৰস্ত
চিকিৎসাৰ ব্যৱস্থা শূন্য
কাৰো মন কান নাই
মোৰ কি দশা
ঘৰটো মোৰ আশা
ঘৰটোৱেই মোৰ ভাষা
ক্ৰমান্বয়ে নাঙঠ হ'বলৈ ধৰা
ঘৰটোৰ ফালে নজৰ পোনালে
মৰ্ মৰ্ কৈ মোৰ বুকুৰ কলিজা ভাগে...
জুইৰে খেলা ময়ো খেলিছিলোঁ
ডেও দি নচা পখিলাৰ পিছে পিছে
ময়ো দৌৰিছিলো
কিন্তু আজি
আজি মই দিশহাৰা
আপোন ঘৰখন ভাগি উৱঁলি যোৱা
চাই আছো নিজ চকুৰে
কাক পাম কোনে আহি নতুনকৈ সাজিবহি
মোৰ বাপতি সাহোন ঘৰখন
কোনে আহি জোকাৰি দলিয়াই পেলাবহি
ঘৰৰ ভিতৰত বাহ লোৱা জাল- জালিয়াতিৰ গুপুত মেলবোৰ
নিশকতীয়া শৰীৰেৰে প্ৰৱল আশালৈ মই বহি আছো
মোৰ ভগা ঘৰখনতে....