/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/87fe7cf7-d09e-4dd7-a859-a6225772ffb1/KOBITA.jpeg)
assamese poem
পল্লৱী কৌশিক শৰ্মা
বেলিয়ে আবিৰৰ ৰঙ ছটিয়াই
উভটি অহাৰ প্ৰতিশ্ৰুতিৰে আঁতৰি যায়
ভাগৰুৱা গধূলি এটাই স্মৃতিৰ কুহেলিকা ঠেলি
আলফুলে বুকুতে সামৰি লয় মোক
ক্রমশঃ আকাশত আবিৰৰ ৰং হেৰায়
কজলা এন্ধাৰ অলপে চোঁচা মাৰি খেদি আহে
মোৰচোন বুকুখন কঁপে
সন্ধ্যা যেতিয়া নামে,
তিৰবিৰাই কাঁচি জোনে,
আইলৈ মনত পৰে...।
আই অ', নিচুকনি গীত এফাঁকিকে গাচোন
কোলাতে শুৱাই ল'হি মোক
আই আহি মোৰ কাষতে বহে
দীঘলকৈ ক'লা চুলিকোচা মেলি দিয়ে আইয়ে
জোনাকী পৰুৱাকেইটামান লৱৰি আহি
আইৰ চুলিকোচাতে ঘূৰি-ঘূৰি নাচিবলৈ ধৰে
আই যেন আকাশ হৈ পৰে
বিমুগ্ধ নয়নেৰে পাণ কৰোঁ মই
ছাঁ-পোহৰৰ সেই মায়াময়তা
তৰাফুলে তিৰবিৰোৱা আইৰ চুলিকোচালৈ
আশ্চর্য মৰম জাগে
লাহে লাহে নিশাটোয়ে বিদায় লৈ
চকুৰ আগেৰেই বাট বুলে
এ-আকাশ জোনাকী পৰুৱা
মোৰ দুচকুতে খহি পৰে
বেলিটো পুনৰ উলটি আহে
আইয়ে তেতিয়া নেঘেৰি খোপা এটাৰে
চুলিখিনি আঁতি-আঁতি বান্ধি লয়
আৰু পোহৰৰ বাটটো আঙুলিয়াই দেখুৱাই মোক
মই ৰ'বাৰ্ট ফ্ৰ’স্টৰ কবিতা ফাঁকি গুণগুণাবলৈ ধৰোঁ..
এণ্ড মাই’লচ টু গ' বিফ'ৰ আই শ্লিপ
এণ্ড মাই’লচ টু গ' বিফ'ৰ আই শ্লিপ