কবিতা ৭০/ "সলনি হোৱা সুখৰ চৰাই"

জীৱনৰ সৰা পাতবোৰ বুটলি থাকোতেই/হাতৰ তলুৱাইদি পাৰ হোৱা/কাৰ্শলা ডালৰ জোখ ল'ৱ নোৱাৰি/ভাৰাক্ৰান্ত হৈ পৰিছো

author-image
Asomiya Pratidin
New Update
কবিতা ৭০/ "সলনি হোৱা সুখৰ চৰাই"

assamese poem

তপন কুমাৰ নগঞা

Advertisment

জীৱনৰ সৰা পাতবোৰ বুটলি থাকোতেই

হাতৰ তলুৱাইদি পাৰ হোৱা

কাৰ্শলা ডালৰ জোখ ল'ৱ নোৱাৰি

ভাৰাক্ৰান্ত হৈ পৰিছো

চানি পৰা দুচকুৰে

মনিব পৰা নাই জীৱন আকাশ

আশাবোৰ ক্ৰমাৎ

চূৰ্ণ-বিচূৰ্ণ হ'ব ধৰিছে

ন কৈ গঢ়া আলিবাটেদি

কেনেকৈ খোজ কাঢ়ো

সুখৰ চৰাইজনীৰ অৱহেলিত দৃষ্টিৰে

জীৱনৰ সৰা পাতবোৰ বুটলি থাকোতেই

হাতৰ তলুৱাইদি পাৰ হ'ল

সুখৰ বেলি

তুমিয়েই কোৱাচোন

সুখৰ চৰাই

জীৱন বাটত

কেনেকৈ খোজ কাঢ়ো

দুখৰ ভাৰখন লৈ

assam assamese poem poem