/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/1be070c0-e555-4408-830c-59ddf8972175/KOBITA.jpeg)
kobita
- স্ৰোতস্বিনী দেৱী
সূৰুজৰ কোমল পৰশত ৰোমাঞ্চিত হৈ পৰা পৃথিৱীখন
আজি চোন কৰবাত হেৰাই গৈছে
সেউজীয়া সময়বোৰো যেন অভিশপ্ত হৈ পৰিছে
হিংসা দ্বেষ দুৰ্নীতি আৰু দালালৰ চোন পাহাৰ বঢ়িছে
নদীৰ বুকুত কালিকা লাগিছে
চাৰিওফালে বলিয়া বানৰ তাণ্ডৱ চলিছে
তাতেই আকৌ মহামাৰীৰ ধ্বংসযজ্ঞ
নিষ্পাপ দেৱশিশুৰে পথৰ ডাচবিন ভৰিছে
পাগলী জনীকো উলংগ কৰিছে এচামে
ভাই-ভাইৰ মাজত ক্ষুদ্ৰ কথাতেই আজোৰা-আজুৰি
টকাৰ লগতেই সম্পৰ্ক গঢ়িছে
সময়বোৰ দেখোন সচাঁকৈয়ে অভিশপ্ত হৈ পৰিছে
আকাশখনতো কলীয়া ডাৱৰে আগুৰি ধৰিছে
সচাঁকৈ নেকি অভিশপ্ত সময়ৰ চকুলো সৰিছে ?