কবিতা ৪৮/ ধেকেৰী মাতে কোইল্জা ফাটে...

আধেলাৰ ছায়া পোইচ্ছি/ আপিৰ মাকে ভাতত জাল মাৰাই নাই না কি

author-image
Asomiya Pratidin
New Update
কবিতা ৪৮/ ধেকেৰী মাতে কোইল্জা ফাটে...

ৰমেন ৰাজবংশী

Advertisment

আধেলাৰ ছায়া পোইচ্ছি

আপিৰ মাকে ভাতত জাল মাৰাই নাই না কি

আজিকালি জাল মাইৰবা নালগাই হোইছি

কুকাৰটুৱেই হুচেল বাজে কৈ দেই ভাত হ বুলি

আকপুনদি ভালে হোইছি

হোলিও কিবা হ্যানাহোৰ মাতগিলা হৰাহান নালগিছি

চোলি হাতোৰ মুতোত পাৰা কাঠাখানোৰ

গন্ধটু দুখুন নাপই হোলু

হাগিচ পিন্ধে দহবাৰোৰ কাম আগবাৰোতে কোইচ্ছি

সমায় বাচিছি আল্টি কামো কোইমচি

কিনু বোয়া হোইছি

হোলিও কিবা নিজোৰ পাৰাই পলে থাকাহান নহোইছি

বাঙ্কাপাত সোৰপিতে কোতনু হৰেলি

ভাৰখাদা দুটাও দুখুন দেখা নাপই হোলু

সেঙলাখান আজিকালি বন নহাৰ বনহে হোইছি

গাড়ী মটৰোৰ যুগ হৈইছি, পালাষ্টিকোৰে কোতো বস্তু অলচি

তাৰ মানে ভালেই হোইছি

এহ, হোলিও কিবা আপুন হাতখান হৰাহান লাইগছি

আবু-আতিৰ দিন গিলা বৰকে মনত পৰে আজিকালি

আবুই খুলা বুকখানোত সুমে লৈ খাগ্ৰাবাৰীৰ পামোৰ ঘৰোৰ

মাটিৰ মোইজাত কাঠা পাৰি

লক্ষীনাথোৰ সাধুকথা কৈ কৈ খুমটি খেদ দিনগিলা

বৰকে মনত পৰে আজিকালি

আতিই কিবাকে নিজোৰ চোহিটুহে লেখইপা পাইচ্ছিল

হোলিও ৰেডুৱাটুত শুনি শুনি দেখোৰ খবাৰ ৰাইখছিল

দেখখানোক ভাল পাবা শিখেছিল

মান্হুক মান্হুৰ দৰে ভাইব্বা কৈছিল

তেইতাৰদিনোৰ মান্হুগিলাৰ মিল দেইখলি

চোখুইদি ফুট্টিৰ পানী অলছিল

নিজে নাখেও আনোক খুঅ খেইতাৰ-কামলা মান্হুগিলা

বৰকে মনোত পৰে আজি মোৰ সেংলা দিনোৰ কথা

আতিহাতে ক ধৰ্ম-কথা আজি দুখুন নিমলাই হৈছি

মান্হুই ধেক সলেছি

সেই দেখি গহাইও বাট হৰেছি

মন্দিৰোতো চুৰ সুম হোইছি

সূয্যোই বতাহে বৈৰ্হানেও ৰূপ সলেছি

কিজানি কোলিৰ কালেই পোইচ্ছি

লাহে লাহে আবু-আতিৰ দিনোকগেলি ঘূৰি যাবাৰ মন য হৈছি

আমাৰ আচাল ধেকোৰ দিনগিলা লগ পাবাৰ মন য হৈছি

কঠাল গৰোত বাচ্ছেলিহাত

আজিকালি কুম্বাৰ ধেকেৰী মাতে

কোইল্জা ফাট...

assam assamese poem