/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/kobita-2-1.jpg)
–সমীৰণ দত্ত
বুকুত লৈ ফুৰো এটা বাখৰুৱা সপোন
সপোন সপোনেই
কোনোবা এটা সপোন বাস্তৱ হয়
কোনোবাটো বাস্তৱ নহয়
তথাপিও সপোনক বাস্তৱ ৰূপ দিয়াৰ নিৰন্তৰ প্ৰয়াস কৰোঁ
যদিওবা সময়ৰ কোবাল সোঁতত
বহু সপোন
ভাঙি ছিঙি তচনচ হৈ পৰিছে
তথাপিও সপোনক আকৌ সঁজাই-পৰাই
ধুনীয়া কৰো
সপোন আছে বাবেই পৃথিৱীখন ধুনীয়া
সপোন আছে বাবেই জীৱন ধুনীয়া
কোনো কথা নাই
সপোন বাস্তৱ হ'বই লাগিব বুলি
সপোন দেখাতেই জীৱনৰ মাদকতা আছে
সপোন দেখাতেই জীৱনৰ সাৰ্থকতা আছে
সেয়ে হয়তো শূন্যত ওপঙি ফুৰা
বিধস্ত জীৱনৰ মাজতো
কেতিয়াবা সাহসেৰে ক'ব পাৰো
মোৰ ওচৰত একো নাই আজি
কিন্তু মোৰ ওচৰত মোৰ সপোন আছে ৷