অসম যুৱক অলিম্পিকত কৃতিত্ব লাভ কৰা খেলুৱৈক মুছলপুৰত সম্বৰ্ধনা…

অসম যুৱক অলিম্পিকত কৃতিত্ব লাভ কৰা খেলুৱৈক মুছলপুৰত সম্বৰ্ধনা…

author-image
asomiyapratidin
New Update
অসম যুৱক অলিম্পিকত কৃতিত্ব লাভ কৰা খেলুৱৈক মুছলপুৰত সম্বৰ্ধনা…

ডিজিটেল সংবাদ মুছলপুৰঃ বাক্সা জিলাৰ অন্যতম স্বেচ্ছাসেৱী সংগঠন নিজৰা ফাউণ্ডেচন আৰু বাক্সা জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত বাথৌফুৰি ক্ৰীড়া প্ৰকল্পত অলপতে অসম যুৱক অলিম্পিকত অংশ লৈ কৃতিত্ব অৰ্জন কৰা খেলুৱৈ সকলক আজি সম্বৰ্ধনা জনোৱা হয় ৷

Advertisment

নিজৰা ফাউণ্ডেচনৰ সভাপতি সুনীল বাণ্ডো আৰু সম্পাদক ৰিংকুমনি ৰয়ে জনোৱা মতে আজি এই সম্বৰ্ধনা অনুষ্ঠানত অসম যুৱক অলিম্পিকত কাবাদীত সোণৰ মেডেল পোৱা ৯ গৰাকী ছোৱালী, আৰ্চাৰীত সোণৰ মেডেল পোৱা এগৰাকী, উশ্বুত সোণৰ মেডেল পোৱা এগৰাকী ছোৱালী, হেণ্ডবলত সোণৰ মেডেল পোৱা ১২ গৰকী ল'ৰা, আৰ্চাৰীত ৰূপৰ মেডেল পোৱা এগৰাকী ছোৱালী, হেণ্ডবলত ৰূপৰ মেডেল পোৱা এঘাৰ গৰাকী ছোৱালী, উশ্বুত ৰূপৰ মেডেল পোৱা এজন ল'ৰা, আৰ্চাৰীত ব্ৰঞ্জৰ মেডেল পোৱা এজন ল'ৰা, উশ্বু ব্ৰঞ্জৰ মেডেল পোৱা ৭ গৰাকী ল'ৰা-ছোৱালীক আজি সম্বৰ্ধনা জনোৱা হয় ৷

আজিৰ সম্বৰ্ধনা অনুষ্ঠানত নিজৰা ফাউণ্ডেচৰ সভাপতি- সম্পাদকৰ লগতে জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক , বাক্সা জিলা ক্ৰীড়া বিষয়াৰ লগতে অন্যান্য বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷