/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/health-07.jpg)
ডিজিটেল ডেস্কঃ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই বৰপেটা জিলা ভ্ৰমণ কৰি সাংবাদিকৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰা অনুসৰি ৰাজ্যত বৰ্তমান মুঠ ২৪ খন মেডিকেল কলেজ নিৰ্মাণৰ কাম চলি আছে। এই কেইখন সম্পূৰ্ণ হৈ উঠিলে অসমে বছৰত ৩০০০ জন চিকিৎসক লাভ কৰিব। আনহাতে ৰাজ্যত পুনৰ নিৰ্মাণ কৰা হ'ব ৬ খন চুপাৰ স্পেচিয়েলিটী হাস্পতাল নিৰ্মাণ কৰা হ'ব। তেওঁ উল্লেখ কৰা অনুসৰি আগন্তুক বৰ্ষত মেডিকেল কলেজৰ পাঠ্যক্ৰম আৰম্ভ হ'ব।
তেওঁ কয় যে, ৰাজ্য চৰকাৰে অসমক উত্তৰ পূৰ্বাঞ্চল আৰু দক্ষিণ পূব এছিয়াৰ স্বাস্থ্যখণ্ডৰ মূল কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য আগত লৈ স্বাস্থ্য খণ্ডৰ ব্যাপক উন্নয়নৰ আঁচনি গ্ৰহণ কৰিছে। ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে জাইকাৰ পৰা সহযোগিতা লাভ কৰিছে।
স্বাস্থ্য়মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰা অনুসৰি স্বাস্থ্যখণ্ডৰ উন্নয়নৰ বাবে জাইকাৰ পৰা ৩,৮০০ কোটি টকা লাভ কৰিব। জাইকাৰ এই সাহায্যৰ জৰিয়তে ৰাজ্য়ত পুনৰ নতুনক লৈ ৬ খন চুপাৰ স্পেচিয়েলিটী হাস্পতাল নিৰ্মাণ কৰা হ'ব। এই চুপাৰ স্পেচিয়েলিটী হাস্পতালকেইখন নিৰ্মাণ কৰা হ'ব বৰপেটা, তেজপুৰ, লখিমপুৰ, যোৰহাট, শিলচৰত। আনহাতে গুৱাহাটী আৰু আৰু ডিব্ৰুগড়ত দুখনৰ নিৰ্মাণ কাম চলি আছে।