কাইলৈৰ পৰা ৰাজ্যত হ’ব পাৰে ধাৰাষাৰ বৰষুণ…

কাইলৈৰ পৰা ৰাজ্যত হ’ব পাৰে ধাৰাষাৰ বৰষুণ…

author-image
asomiyapratidin
New Update
সাৱধান, আহি আছে ব্ৰজপাত, ধুমুহাৰ সৈতে প্ৰচণ্ড বৰষুণ…

ডিজিটেল ডেস্ক: কাইলৈৰ পৰা ৰাজ্যত প্ৰৱল বৃষ্টিপাত হোৱাৰ সম্ভাৱণা। ৰঙালী বিহুৰ সময়তো বৰষুণ হোৱাৰ সম্ভাৱণা আছে।

বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা অনুসৰি শুকুৰবাৰৰ পৰা দেওবাৰলৈ ৰাজ্যত হ'ব পাৰে ধাৰাষাৰ বৰষুণ। বৰষুণৰ ফলত ম্লান হ'ব পাৰে বিহুৰ অনুষ্ঠান সমূহ।

উল্লেখ্য যে, কেইবাদিনো ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰৱল বৃষ্টিপাত হোৱাৰ লগতে বিভিন্ন ঠাইত বতৰ ডাৱৰীয়া হৈ আছে। ইতিমধ্যে বিভিন্ন ঠাইত বানেও তাণ্ডৱৰ সৃষ্টি কৰিছে।